“মুম্বাই সাগা” ত মূখ্য অভিনেত্ৰীৰ চৰিত্ৰত কাম কৰিব কাজল আগৰৱালে। সঞ্জয় গুপ্তাৰ দ্বাৰা পৰিচালিত এই ছবিখনত মূখ্য অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিব জন আব্ৰাহামে। যোৱা কেইবাদিনো ধৰি জনৰ বাবেই বিচৰা হৈছিল এগৰাকী লীড এক্টেৰ্স; যাক এতিয়া ৰূপায়ন কৰিব কাজলে।


সঞ্জয় গুপ্তাই তেওঁৰ এই ছবিখনৰ বাবে এগৰাকী এনে অভিনেত্ৰী বিচাৰিছিল যিয়ে ১৭ বছৰীয়া কলেজীয়া ছাত্ৰী হ’ব পাৰে, এগৰাকী পত্নীৰ চৰিত্ৰও কৰিব পাৰে আৰু লগতে ৩০ বছৰীয়া এগৰাকী মজবুত নাৰীৰ চৰিত্ৰও ৰূপায়ন কৰিব পাৰে। গতিকে নাৰীৰ এই তিনিওটা স্তৰক প্ৰতিফলিত কৰিবলৈ কাজল আগৰৱাল একেবাৰেই শুদ্ধ বিচাৰ বুলি তেওঁ ভাৱে। ইয়াৰ লগতে পৰিচালক গৰাকীয়ে কয় যে, ” মোৰ এই গেংষ্টাৰ ছবিখনত পুৰুষৰ সমানে শক্তিশালী হ’ব মহিলাৰ চৰিত্ৰ।”

জন আৰু কাজলৰ এই নতুন যুঁটিক উপভোগ কৰিবলৈ সাজু এতিয়া দৰ্শকো।
Add comment