Rupaliparda.com

অসমীয়া কমেডী ছবি “ৰাজা ৰিটানৰ্ছ”-

২০১৮ চনৰ ২৬ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন কমেডী অসমীয়া ছবি হৈছে “ৰাজা ৰিটানৰ্ছ”। কে.ডি ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কিশোৰ দাসৰ।

অসমীয়া কমেডী ছবি "ৰাজা ৰিটানৰ্ছ"- 1
অসমীয়া কমেডী ছবি "ৰাজা ৰিটানৰ্ছ"- 2


১৫ বছৰ বয়সতে নিজ ঘৰৰ পৰা দিল্লীলৈ চাকৰি সন্ধানত পলাই গৈছিল ৰাজা। ১২ বছৰ পিছত সি নিজ গাঁৱলৈ ঘূৰি আহে আৰু সমূহ গাওঁবাসীয়ে তাক এজন সাংঘাতিক ধনী মানুহ বুলি ধাৰণা কৰি লয়। এনেকৈয়ে ঘূৰি থাকে ছবিখনৰ কাহিনীভাগ।

অসমীয়া কমেডী ছবি "ৰাজা ৰিটানৰ্ছ"- 3


২০১৬ চনৰ অক্টোবৰৰ পৰা শ্বুটিং আৰম্ভ কৰা ছবিখনত অভিনয় কৰিছিল ফেইৰীপ্ৰিয়া আহমেদ, ভাৰ্গৱ দাস, মানস দাস, অপূৰ্ব গোস্বামী আৰু সাগৰিকা দাসে। ছবিখনৰ সংগীতত কন্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, ৰোহিত সোণাৰ, পম্পী গগৈ আৰু গীতাঞ্জলি দাসে। সংগীত পৰিচালনা পৰাণ বৰকটকীৰ লগতে ছবিখনত VFx দিছে ধৰ্মেন্দ্ৰ দাসে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.