ৰাকেশ ঔমপ্ৰকাশ মেহৰাৰ দ্বাৰা পৰিচালিত ছবি “তুফান” ৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে শ্বুটিং। পূৰ্বতে তেওঁৰ লগত “ভাগ মিলখা ভাগ” ত কাম কৰা অভিনেতা ফাৰহান আখতাৰে নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰা এটি পোষ্টৰ জৰিয়তে এই কথা দৰ্শকক জানিবলৈ দিয়ে।

“তুফান” ছবিখনৰ বাবে বহুদিনৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিল অভিনেতা গৰাকীয়ে। ফাৰহানৰ অনুৰাগীও উক্ত ছবিখনৰ বাবে হয়তো উৎসাহিত হৈ পৰিছিল আৰু সেইবাবেই অভিনেতা গৰাকীয়ে পোষ্টটি আপলোড কৰাৰ অলপ পিছতেই তাক ২০ হাজাৰতকৈ অধিক দৰ্শকে পচন্দ কৰে।
Add comment