Rupaliparda.com
সুললিত কন্ঠৰ গৰাকী আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৱান আৰ.জে পাহিঃ 1

সুললিত কন্ঠৰ গৰাকী আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৱান আৰ.জে পাহিঃ

“ৰেড এফ এম লভ ষ্টৰী” আপোনালোক সকলোৰে প্ৰিয়। সেই প্ৰেমৰ গল্পটিয়ে যদিও আপোনাক আকৰ্ষণ নকৰে তেতিয়াও সেই গল্পটিক কিন্তু এৰিব পৰা নাযায়। কিয় এনে হয় বাৰু?? ইয়াৰ কাৰণ মাত্ৰ এটাই; সেইটো হৈছে গল্পটি বৰ্ণনা কৰি থকা সেই ছোৱালীজনী। কন্ঠত মাদকতা থকা লগতে প্ৰেমৰ গল্পটিত আৰু অধিক প্ৰেমময় ৰস সনা সেই আৰ.জে গৰাকী। চিনাকী কৰাই দিয়াৰ হয়টো একেবাৰেই প্ৰয়োজন নাই; সেইগৰাকী হৈছে সকলোৰে মৰমৰ আৰ.জে পাহী ওৰফে প্ৰণামিকা ভূঞা।

সুললিত কন্ঠৰ গৰাকী আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৱান আৰ.জে পাহিঃ 2


কন্ঠৰ যাদুৰে শুনোতাৰ হৃদয় জিনা এই আৰ.জে গৰাকীয়ে “ৰেড এফ এম” ত সম্পূৰ্ণ কৰিলে ১১ টা বৰ্ষ। প্ৰত্যেকটো বৰ্ষতে তেওঁৰ কন্ঠই আলোড়িত কৰা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।

সুললিত কন্ঠৰ গৰাকী আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৱান আৰ.জে পাহিঃ 3


১১ টা বৰ্ষই নিজৰ কৰ্মৰ প্ৰতি নিষ্ঠাৱান আৰ.জে পাহিক ৰূপালী পৰ্দাৰ ফালৰ পৰা তেওঁৰ অনুভৱৰ বিষয়ে যেতিয়া সুধিছিলো তেতিয়া তেওঁ কৈছিল-
“আছলতে এঘাৰ বছৰ কেনেকৈ পাৰ কৰিলো মই গমেই নাপালো। কিন্তু এতিয়া ভাৱ হয় সঁচাকৈ মই এটা যুগ ৰেড.এফ.এমত পাৰ কৰিলো। মোৰ এই যাত্ৰাটোৰ আৰম্ভণি হৈছিল ১ চেপ্তেম্বৰ, ২০০৮ ত আৰু মই ইয়াত আহিব দিনাৰ পৰাই “শ্ব” কৰিবলৈ আৰম্ভ কৰিছিলো। তেতিয়াৰ পৰাই কৰি কৰি মই এই এঘাৰটা বছৰ কেনেকৈ পাৰ কৰিলো গমেই নাপালো।

সুললিত কন্ঠৰ গৰাকী আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৱান আৰ.জে পাহিঃ 4


অভিজ্ঞতা বুলি ক’লে মই ভাল-বেয়া দুয়োটাৰে সন্মুখীন হৈছো। কিন্তু বেয়াতকৈ ছাগে ভালৰ সংখ্যাটো বেছি; সেইবাবেই মই যোৱা এঘাৰটা বছৰ একেটা কোম্পানীতে কাম কৰিছো। মৰম-শ্ৰদ্ধা যথেষ্ট পাইছো।

সুললিত কন্ঠৰ গৰাকী আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৱান আৰ.জে পাহিঃ 5


যেনেকৈ মই বৰ্তমান নিষ্ঠাৰে কাম কৰিছো আগন্তুক সময়তো মোৰ কামৰ প্ৰতি নিষ্ঠাৱান হ’ম। লগতে দায়িত্বও আছে মোৰ, মই আজি যিমানখিনি মানুহৰ পৰা মৰম পাইছো সেই আটাইৰে প্ৰতি মোৰ দায়িত্ব আছে। নৱ প্ৰজন্ম, অভিভাৱক সকলোৰে প্ৰতি থকা মোৰ দায়িত্ব পালন কৰিম। আৰু কিমান বছৰ কাম কৰো নাজানো কিন্তু যিমান দিন কৰিম শ্ৰদ্ধা আৰু নিষ্ঠাৰে কৰিম।”

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.