ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজৰ নাম উজ্বলোৱা বেডমিন্টন খেলুৱৈ PV সিন্ধুৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব ছবি। ৱ’ৰ্ল্ড চেম্পিয়নছিপত সোণৰ পদক নিজৰ অধিকাৰলৈ অনা এই গৰাকী খেলুৱৈয়ে নিজৰ চৰিত্ৰত অভিনয় কৰাটো বিচাৰিছে দীপিকা পাডুকনক।

যোৱা কিছুদিন পূৰ্ৱে অভিনেতা সনু সূদে পি.ৱি সিন্ধুৰ বায়’পিকৰ স্ক্ৰীপ্ট প্ৰস্তুতকৰণত ব্যস্ত হৈ থকা বুলি জনাইছিল যদিও খেলুৱৈ গৰাকীৰ চৰিত্ৰটোৰ বাবে কোনো অভিনেত্ৰীৰ নাম কোৱা নাছিল।


কিন্তু অৱশেষত পি.ৱি.সিন্ধুৱে নিজেই বিচাৰিলে অভিনেত্ৰী দীপিকাক। কিয়নো দীপিকা এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় খেলুৱৈ প্ৰকাশ পাডুকনৰ জীয়ৰী আৰু দীপিকা নিজেও এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ। ফলত খেলুৱৈ গৰাকীয়ে দীপিকাক লৈ ব্যক্ত কৰে নিজ ইচ্ছা।
Add comment