যোৱা ৩০ আগষ্টত মুক্তিপ্ৰাপ্ত ছবি “চাহো” য়েও দৰ্শকৰ লাভ কৰিছিল অভূতপূৰ্ব সঁহাৰি। লগতে,শ্ৰদ্ধা কাপুৰ তথা সুশান্ত সিং ৰাজপুত অভিনীত “ছিছোৰে” ও ৬ চেপ্তেম্বৰত মুক্তি লাভ কৰিছে। উক্ত দুয়োখন ছবিৰ মাজতে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছবি “কাঞ্চনজংঘা” ই কিমানৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব সেয়া আছিল লক্ষণীয়।


অসম বন্ধকো বুঢ়া আঙুলি দেখুৱাই “কাঞ্চনজংঘা” ক চাবলৈ আগবাঢ়িছে সকলো। প্ৰায় অসমৰ প্ৰত্যেকটো “কাঞ্চনজংঘা” ৰ দৰ্শনী ইতিমধ্যে হাউচফুলত পৰিণত হৈছে। কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় যে, জুবিন গাৰ্গৰ “কাঞ্চনজংঘা” ই কেৱল অসমতে পাব নেকি সঁহাৰি? অসমৰ বাহিৰত ছবিখনে পাবনে আগস্থান?

কাৰণ, এতিয়ালৈ ওলোৱা “কাঞ্চনজংঘা” ৰ দৰ্শনীৰ তালিকা খনত দিল্লী , মুম্বাই লগতে বাংগালুৰ, কলকাতা আৰু হায়দৰাবাদত অৱস্থিত ছবিগৃহ সমূহত উক্ত ছবিখনক সময় দিয়া হৈছে মাত্ৰ এটা দৰ্শনী।

এইক্ষেত্ৰত আপোনালোকে কি ভাবে? কমেন্ট কৰক আৰু জনাওঁক আপোনাৰ মতামত।
Add comment