“ৰবট” ৰ চিকুৱেল ছবি “২.০” য়ে মুক্তি লাভ কৰিব চীনৰ ৪৮০০০ হাজাৰটা ছবিগৃহত। চুপাৰষ্টাৰ ৰজনীকান্ত তথা অক্ষয় কুমাৰ অভিনীত এইখন ছবি বৃহৎ বাজেটক লৈ নিৰ্মিত ছবিৰ ভিতৰতে উল্লেখযোগ্য।
যোৱা ২০১৮ চনৰ নৱেম্বৰৰ ২৯ তাৰিখে মুক্তি লাভ কৰা এই ছবিখনে চীনত জুলাই মাহতেই ? মুক্তি লাভ কৰাৰ কথা আছিল যদিও ই কোনো কাৰণবশতঃ সম্ভৱ হোৱা নাছিল। ফলত চলিত মাহৰ ৬ চেপ্তেম্বৰত ছবিখনক চীনত মুক্তি দিয়া হ’ব।
প্ৰডাকচন হাউচে এক টুইট যোগে এই কথাৰ স্পষ্টীকৰণ দিয়ে। উল্লেখযোগ্য যে, ৰজনীকান্তৰ এইখনেই প্ৰথম ছবি; যাক চীনত ইমান বেছি সংখ্যাত প্ৰদৰ্শিত কৰা হ’ব।
Add comment