Rupaliparda.com
বেংককত কৰিছিল "ওৱেটাৰ আৰু ছেফ" ৰ চাকৰিঃ শুভ জন্মদিন অক্ষয়- 1

বেংককত কৰিছিল “ওৱেটাৰ আৰু ছেফ” ৰ চাকৰিঃ শুভ জন্মদিন অক্ষয়-

বলীউডৰ খিলাড়ী খ্যাত অক্ষয় কুমাৰৰ ৫২ সংখ্যক জন্মদিন উদযাপন। “সোগন্ধ” ছবিখনৰ পৰা বলীউড কেৰিয়াৰৰ আৰম্ভণি কৰা এই গৰাকী অভিনেতা বৰ্তমান এনে এজন চুপাৰষ্টাৰ যাৰ ছবিয়ে প্ৰথম দিনাই লাভ কৰে কোটি টকা।

বেংককত কৰিছিল "ওৱেটাৰ আৰু ছেফ" ৰ চাকৰিঃ শুভ জন্মদিন অক্ষয়- 2


অক্ষয় কুমাৰৰ আছল নাম হৈছে ৰাজীৱ হৰি ঔম ভাটিয়া। তেওঁ অষ্টম শ্ৰেণীৰ পৰাই মাৰ্ছল আৰ্ট শিকিবলৈ লৈছিল আৰু স্নাতক পৰীক্ষাৰ পিছত তেওঁ বেংককলৈ গৈ আকৌ মাৰ্ছল আৰ্ট শিকিবলৈ লয়। বৰ্তমানৰ কোটিপতি এই অভিনেতা গৰাকীয়ে বেংককত “ছেফ আৰু ওৱেটাৰ” ৰ চাকৰি কৰিছিল।

বেংককত কৰিছিল "ওৱেটাৰ আৰু ছেফ" ৰ চাকৰিঃ শুভ জন্মদিন অক্ষয়- 3


চিনেমাৰ গুৰু -গম্ভীৰ কাহিনীকে ধৰি কমেডিৰ ক্ষেত্ৰতো অভিনেতা গৰাকীৰ অভিনয় লেখত ল’বলগীয়া। ৫০ বছৰ বয়সৰ পিছতো অভিনেতা গৰাকীৰ প্ৰতি বৰ্তমানেও দৰ্শকৰ ৰাপ কমা নাই। তেওঁৰ প্ৰত্যেকখন ছবি চাবলৈ উৎসাহী হৈ পৰে দৰ্শক।

বেংককত কৰিছিল "ওৱেটাৰ আৰু ছেফ" ৰ চাকৰিঃ শুভ জন্মদিন অক্ষয়- 4


বলীউডৰ তাৰকা ও খিলাড়ী অক্ষয় কুমাৰক আমি ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.