Rupaliparda.com
সন্দীপৰ ছবিত এইবাৰ থাকিব ৰণৱীৰঃ 1

সন্দীপৰ ছবিত এইবাৰ থাকিব ৰণৱীৰঃ

সন্দীপ বাংগাৰ দ্বিতীয়খন ছবিত অভিনয় কৰিব ৰণৱীৰ কাপুৰে। জানিব পৰা মতে, “কৱীৰ সিং” ৰ বৃহৎ সফলতাৰ পিছত সন্দীপৰ নতুন কাহিনী পচন্দ কৰিছে “কৱীৰ সিং” ৰে প্ৰযোজক মুৰাদ খেতানীয়ে লগতে ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব ল’বলৈও আগবাঢ়িছে মুৰাদ।

সন্দীপৰ ছবিত এইবাৰ থাকিব ৰণৱীৰঃ 2


উল্লেখ্য যে, সন্দীপ বাংগাৰ আহিবলগীয়া ছবিৰ কাহিনী ভাগ শুনাৰ লগে লগে দুই প্ৰযোজক-পৰিচালকে একে গৰাকী অভিনেতাক বিচাৰিছিল আৰু তেওঁ আছিল ৰণৱীৰ কাপুৰ।

সন্দীপৰ ছবিত এইবাৰ থাকিব ৰণৱীৰঃ 3


ৰণৱীৰ কাপুৰে ছবিখন কৰিবলৈ মান্তি হ’লেও ছবিখনৰ শ্বুটিং কিন্তু আৰম্ভ কৰিব পৰা নহ’ব। কিয়নো ৰণৱীৰ বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি ব্ৰহ্মাস্ত্ৰ” আৰু “শমশেৰ” ৰ শ্বুটিঙত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform