অহা ২০ চেপ্তেম্বৰত ছবিগৃহলৈ আহিব ৰীমা দাসৰ দ্বাৰা পৰিচালিত বহু প্ৰত্যাশিত ছবি “বুলবুল কেন চিং”। ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হয় সুনাম অৰ্জন কৰা উক্ত ছবিখনৰ বাবে বহু দিনৰ পৰাই অপেক্ষা কৰি ৰৈছিল দৰ্শক সকল।

ছবিখনৰ কাহিনীভাগ তিনিগৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত হোৱা মুখামুখিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।

“বুলবুল কেন চিং” ত অভিনয় কৰিছে অঞ্জলী দাস, বণিতা ঠাকুৰীয়া, মনোৰঞ্জন দাস, মনোৰঞ্জন দাস আৰু পাকিজা বেগমে।


বৰ্তমান সময়ত অসমীয়া ছবিসমূহৰ স্থিতিয়ে আশাৰ ৰেঙণি যোগাইছে প্ৰত্যেকজন অসমীয়াৰ বুকুত। বাণিজ্যিক ছবিৰ ধাৰাক মজবুত কৰি তুলিবলৈ দেহে-প্ৰাণে কষ্ট কৰিছে অসমীয়া অভিনেতাকে আদি কৰি পৰিচালক সকলেও। এনেক্ষেত্ৰত “বুলবুল কেন চিং” ৰ সফলতা নিশ্চিত বুলি ক’ব পৰা যায়।
Add comment