“কাঞ্চনজংঘা” ৰ সাতদিনীয়া যাত্ৰাৰ ঘটিল সফল সমাপ্তি। মুক্তিৰ দিনৰ পৰা সফলতা অৰ্জন কৰা “কাঞ্চনজংঘা” ই আনিলে অসমীয়া চিনেমালৈ ন-পোহৰ। কি সৰু-কি ডাঙৰ; প্ৰত্যেকজনেই কৰিলে জুবিনৰ প্ৰশংসা।

এতিয়া চাওঁচোন আহক এই যাত্ৰাৰ ফলাফল সমূহঃ
০৬-০৯-১৯ঃ ৪০ লাখ
০৭-০৯-১৯ঃ ৪০ লাখ
০৮-০৯-১৯ঃ ৫৯.১ লাখ
০৯-০৯-১৯ঃ ৩৯.৮ লাখ
১০-০৯-১৯ঃ ৪৪.৫ লাখ
১১-০৯-১৯ঃ ৩৫.৫ লাখ
১২-০৯-১৯ঃ ৩১.৪ লাখ

এইখিনি বাৰু হ’ল “কাঞ্চনজংঘা” এসপ্তাহৰ যাত্ৰা। কিন্তু, আপোনালোকে বাৰু মন কৰিছে নে? ইয়াৰ লাভালাভ সমূহ ক্ৰমশঃ তললৈ নামি পৰাটো?? আপোনাালোকৰো বাৰু প্ৰশ্নৰ উদয় হোৱা নাই নে যে; জুবিনৰ অনুৰাগীক বাদ দি অসমীয়া চিনেমা বাৰু চাইচেনে অসমীয়াই?? অনুৰাগীৰ বাদে অথবা ফেন ক্লাৱৰ বাহিৰেও অইনে দিছে নে উক্ত ছবিখনৰ ওপৰত মন্তব্য?? কিমান হ’ব পাৰে দ্বিতীয়টো সপ্তাহৰ আনুমানিক লাভ?

আপোনালোকে কি ভাবিছে?? আপোনালোকৰ কিমানে উপভোগ কৰিলে “কাঞ্চনজংঘা”?? কমেন্ট কৰক আৰু আমাক জনাওঁক।
Add comment