ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেতা আয়ূসমান খুৰানাই উদযাপন কৰিছে নিজৰ জন্মদিন। “বিকি” ডনাৰ” ৰ পৰা আৰম্ভ কৰি তেওঁৰ প্ৰত্যেকখন চিনেমাই যথেষ্ট সমাদৰ লাভ কৰিছে। তেওঁৰ ব্যতিক্ৰমী চৰিত্ৰৰ অনুৰাগীয়ে হৈছে এতিয়া কোটিৰ সংখ্যাত।

কিন্তু, অভিনেতা গৰাকীৰ এই যাত্ৰা কোনো দিনেই সহজ নাছিল। প্ৰথম অৱস্থাত তেওঁ পোৱা নাছিল কোনো ধৰণৰ সঁহাৰি। চলচিত্ৰ জগতৰ সৈতে পৰিয়ালৰ কোনো জড়িত নোহোৱাৰ ফলতেই তেওঁক কোনোজন পৰিচালকেই গ্ৰহণ কৰা নাছিল অভিনেতা হিচাপে।

তেওঁৰ এই জন্মদিনত আমি আপোনালোকক জনাম আয়ূসমানৰ ছবিৰ সৈতে জড়িত তিনিটা নজনা কথা-
১. কৰণ জহৰে আয়ূসমান খুৰানাক নিজৰ চিনেমাত ল’বলৈ অমান্তি হৈছিল। এবাৰ এক অনুষ্ঠানত কৰণ জহৰক লগ পাই আয়ূসমান খুৰানাই কৰণৰ আহিবলগীয়া ছবিত নিজক লোৱাৰ কথা কৈছিল আৰু তেতিয়া কৰণে অভিনেতা গৰাকীক এটা নম্বৰ দিছিল। কিন্তু পিছদিনা যেতিয়া সেই নম্বৰটোত ফোন কৰা হ’ল তেতিয়া সেইটো ফালৰ পৰা কোৱা হ’ল যে- “কৰণ জহৰে কেৱলমাত্ৰ ষ্টাৰ সকলকহে সুবিধা দিয়ে।”
২. “বিকি ডনাৰ” ত অন স্ক্ৰীণ অভিনেতাগৰাকীয়ে ছবিখনৰ অভিনেত্ৰী য়ামী গৌতমক চুমা খাইছিল আৰু তাৰ ফলত তেওঁৰ সাংসাৰিক জীৱনত কন্দলৰ সৃষ্টি হৈছিল; যাক ঠিক কৰিবলৈ তেওঁৰ ৩ বছৰ সময় লাগিছিল।

৩. অডিশ্বনৰ বাবে যোৱা সময়ত এগৰাকী কাষ্টিং পৰিচালকে আয়ূসমানৰ দেহৰ গুপ্ত অংগ চাব বিচাৰিছিল । কিন্তু, অভিনেতাগৰাকীয়ে এই কথাষাৰত অমান্ত হোৱাত তেওঁক উক্ত পৰিচালক গৰাকীয়ে কৈছিল যে, “তুমি যদি এনেদৰে এইবোৰ কথাত অমান্ত হোৱা তেনেহ’লে এইখন জগতত চলিবা কেনেদৰে?
Add comment