বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট নিতৌ চচিয়েল মিডিয়াত এখনকৈ নতুন ফটো আপলোড কৰি দৰ্শকক আকৰ্ষিত কৰি ৰাখে। তেনেক্ষেত্ৰত তেওঁ ইনষ্টাগ্ৰামত আপলোড কৰা এটা ভিডিঅ’ই চৰ্চা লাভ কৰিছে এতিয়া চচিয়েল মিডিয়াত।
উক্ত ভিডিঅ’টোত ৭০ কিলোগ্ৰাম ওজন উঠাই অভিনেত্ৰী গৰাকীয়ে আচম্বিত কৰি তোলে দৰ্শকক। এনেধৰণে তেওঁ দুটা ভিডিঅ’ আপলোড কৰে; য’ত তেওঁ নিজক ফিট ৰখাৰ চেষ্টা অব্যাহত ৰাখিছিল।


উল্লেখ্য যে, আগন্তুক সময়ত আলিয়া ভাটক দেখিবলৈ পোৱা যাব অমিতাভ বচ্চন আৰু ৰণৱীৰ কাপুৰৰ সৈতে “ব্ৰহ্মাস্ত্ৰ” শীৰ্ষক ছবিখনত।
Add comment