আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰথমবাৰলৈ স্ক্ৰীণিং কৰা হ’ব অসমীয়া ছবি “মিডনাইট ছং” ৰ। ১৪ চেপ্তেম্বৰ তাৰিখে “ডা ইণ্ডিয়া ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেল” ত স্ক্ৰীণিং কৰা হ’ব উক্ত ছবিখনৰ। এই সমাৰোহখন অনুষ্ঠিত হ’ব বষ্টনস্থিত কেমব্ৰিজ পাব্লিক লাইব্ৰেৰীত।
উল্লেখ্য যে, এই চিনেমাখনত এটাই মাত্ৰ গানৰ সংযোজন কৰা হৈছে; য’ত গীতটিৰ অসমীয়া সংস্কৰণত কন্ঠদান কৰিছে জুবলিয়ে। শিল্পী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত ছবিখনৰ স্ক্ৰীণিঙৰ বিষয়েও জানিবলৈ দিয়ে দৰ্শকক।
“মিডনাইট ছং” পৰিচালক হৈছে অৰুণজিৎ বৰা আৰু ইয়াৰ প্ৰযোজনা কৰিছে অপৰাজিতা ভূঞাই।
Add comment