Rupaliparda.com
"কাঞ্চন" ৰ অন্তিম দিনত দৰ্শকক ধন্যবাদ জ্ঞাপনঃ 1

“কাঞ্চন” ৰ অন্তিম দিনত দৰ্শকক ধন্যবাদ জ্ঞাপনঃ

ৰং চেনেলৰ ধাৰাবাহিক “কাঞ্চন”-এ শেষ কৰিলে নিজৰ অন্তিমটো শ্বুটিং। এগৰাকী নাৰীয়ে ঘৰ-সংসাৰ,প্ৰেম অথবা সমাজক একেলগে লৈ কেনেদৰে আগবাঢ়ি যাব পাৰে লগতে এইবোৰৰ পৰা পোৱা বাধা সমূহক কেনেদৰে নস্যাৎ কৰি নাৰীগৰাকী জীয়াব লাগে তাকেই দেখুওৱা হৈছিল উক্ত ধাৰাবাহিক খনত।

"কাঞ্চন" ৰ অন্তিম দিনত দৰ্শকক ধন্যবাদ জ্ঞাপনঃ 2


মূল চৰিত্ৰত অভিনীত বৰষা ৰাণী বিষয়া, জয় প্ৰকাশ আৰু উদয়ন দুৱৰাৰ এই ধাৰাবাহিকখন উপভোগ কৰিছিল বহু দৰ্শকে। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬.৩০ বজাত প্ৰচাৰিত এই ধাৰাবাহিক খনৰ শ্বুটিংত অন্তিমটো দিনা এটি পোষ্টযোগে দৰ্শকক ধন্যবাদ জনায় অভিনেতা জয়ে।

https://www.instagram.com/p/B2ZO7ZBnj-g/?utm_source=ig_web_copy_link


১১৪ টা দিন দৰ্শকে তেওঁলোকৰ ধাৰাবাহিকখন উপভোগ কৰাৰ বাবে দৰ্শকক ধন্যবাদ জনোৱাৰ লগতে তেওঁ ভৱিষ্যতে পুনৰবাৰ দৰ্শকক লগ পোৱাৰ ইচ্ছাও প্ৰকাশ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.