Rupaliparda.com
সাৰাৰ গ্ৰেজুৱেচন ডে' ত উপস্থিত আছিল ছেইফ-অমৃতাঃ 1

সাৰাৰ গ্ৰেজুৱেচন ডে’ ত উপস্থিত আছিল ছেইফ-অমৃতাঃ

যদিও কেৱল দুখন ছবিতেই অভিনেত্ৰী গৰাকীক দেখিবলৈ পোৱা গৈছিল তথাপিও দৰ্শক আৰু মিডিয়াৰ চকুত নিজৰ স্থিতি মজবুত কৰি ৰাখিছে সাৰা আলি খানে। ছেইফ আলি খান আৰু অমৃতা সিং ৰ জীয়ৰী সাৰাই নিজৰ ইনষ্টাগ্ৰামত এনে কিছু পোষ্ট ছেয়াৰ কৰে;যি ক্ষন্তেকতে ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।

https://www.instagram.com/p/B159VwBBfgI/?igshid=om08uhedd6q0
সাৰাৰ গ্ৰেজুৱেচন ডে' ত উপস্থিত আছিল ছেইফ-অমৃতাঃ 2


সাৰাই এইবাৰ নিজৰ গ্ৰেজুৱেচনৰ দিনৰ এটা ভিডিঅ’ আপলোড কৰে। ভিডিঅ’টোত দেখা পোৱা মতে, কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেচন লাভ কৰা দিনটোত অৰ্থাৎ “গ্ৰেজুৱেচন ডে” ত সাৰাৰ লগত উপস্থিত থাকে দুয়ো পিতৃ-মাতৃ। উক্ত দিনটোৰে এটা সৰু ক্লিপ আপলোড কৰে অভিনেত্ৰী গৰাকীয়ে।

সাৰাৰ গ্ৰেজুৱেচন ডে' ত উপস্থিত আছিল ছেইফ-অমৃতাঃ 3
সাৰাৰ গ্ৰেজুৱেচন ডে' ত উপস্থিত আছিল ছেইফ-অমৃতাঃ 4


আপোনালোকক জনাই থওঁ যে,,১৯৯১ চনত ছেইফ আলি খান আৰু অমৃতা সিং বিবাহপাশত আবদ্ধ হৈছিল যদিও পিছলৈ কোনো কাৰণবশতঃ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। বৰ্তমান ছেইফ আলি খান কৰীণা কাপুৰৰ স্বামী।

Add comment

Leave a Reply