Rupaliparda.com
কিছু সংগীত আৰু পুৰণা স্মৃতি- 1

কিছু সংগীত আৰু পুৰণা স্মৃতি-

দুখ পাতলাবলৈও সংগীতৰ প্ৰয়োজন হয় আৰু সুখত স্ফূৰ্তি কৰিবলৈও সংগীতৰ প্ৰয়োজন হয়। সেই দিনবোৰ মনত আছেনে যেতিয়া আমি কিছুমান এনেকুৱা গীত শুনিছিলো যিটো গীতক আমি এৰিবই পৰা নাছিলো। পিকনিক,বিয়া-সবাহ, জন্মদিন অথবা হেডফোন ডাল লৈও কেৱল মাত্ৰ সেইকেইটা গীতেই ঘূৰি থাকে আমাৰ সমস্ত মন মগজুত। আজি ৰূপালীপৰ্দাই কিছু গীতৰ নাম আপোনালোকক ক’ব যাৰ নাম শুনিলে আপুনিও হয়তো পুৰণা দিনবোৰলৈ উভতি যাব; পুৰণা স্মৃতি ৰোমন্থন কৰিব। আহকচোন চাওঁ-

১. ২০০১ চনত মুক্তিপ্ৰাপ্ত “হিয়ামন” ৰ পৰা-
“নকলা কথাটি,সুধিছিলো যে মই”। গীতটিত কণ্ঠদান কৰিছিল জুবিন গাৰ্গে।

২. কুমাৰ ভৱেশৰ কণ্ঠত “নাযাবা নাযাবা সোণ মোকে এৰি থৈ”।

৩. জিতুল সোণোৱাল আৰু সুমন দত্তই কণ্ঠদান কৰা “এইখনি গাওঁ বুকুৰ আপোন”।

৪. “শব্দ” এলবামটিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠত “কঁকাল খামুচিয়া, গাঁল গুলপীয়া”।

৫. “পাখি” এলবামটিৰ “আহে বা নাহে ঘূমটি”।

৬. “দাগ” ছবিখনৰ পৰা “মনলৈ উভতি আহে ল’ৰালি”।

৭. মনজোৎস্না মহন্তই কণ্ঠদান কৰা “এনেকৈয়ে ভাগেনে সপোন, এনেকৈয়ে ছিগেনে বান্ধোন”।

৮. জুবিনৰ “মুক্তি” এলবামটিৰ পৰা “মেঘৰ বৰণ”।

৯. “জোনবাই” ভিচিডি খনৰ “বৰলিণ-এচপলিন এৰিলি,মুখত কিবা কিবি ঘঁহিলি”।

১০. “মৰমজান” এলবামটোৰ পৰা অনুপম শইকীয়াৰ কণ্ঠত “কাজিৰঙা বৰ ধুনীয়া”।

………এইসমূহ গানতেই যেন লুকাই আছে কাৰোবাৰ ল’ৰালিৰ দিনবোৰ,কাৰোবাৰ প্ৰেমৰ মধুৰ সম্পৰ্কবোৰ। গতিকে, আমি জানিব বিচাৰিম আপোনালোকৰ প্ৰিয় গীতটি; যিয়ে আপোনাক স্মৃতিৰ সেই পুৰণা দলিচাখনলৈ টানি লৈ যায়। যিবোৰ গীতক আজিৰ “চেলিফি লে লে ৰে, “ৱাচিং-পাউদাৰ নিৰ্মা”, “অট’ৱালা মই” আদি গীতবোৰেও সলনি কৰিব পৰা নাই। কমেণ্ট কৰক আৰু আমাক জনাওঁক আপোনাৰ প্ৰিয় গীতটো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.