Rupaliparda.com
"পূজা নিজৰ জীয়ৰী নহ'লে, বিয়া কৰোৱালোহেঁতেন"- মহেশ ভাট 1

“পূজা নিজৰ জীয়ৰী নহ’লে, বিয়া কৰোৱালোহেঁতেন”- মহেশ ভাট

বলীউডৰ জনপ্ৰিয় তথা চৰ্চিত পৰিচালক মহেশ ভাটৰ ৭১ সংখ্যক জন্মদিন উদযাপন। সাৰাংশ, আশিকী, ডেডী, নাম,দিল হে কি মানতা নহী, হম হে ৰাহি প্যাৰ কে, ক্ৰিমিনেল আৰু জখম আদিৰ নিচিনা ছবিৰ পৰিচালক মহেশ ভাটে ছবিৰ লগতে চৰ্চা লাভ কৰিছিল নিজ ব্যক্তিগত জীৱনৰ বাবেও।

"পূজা নিজৰ জীয়ৰী নহ'লে, বিয়া কৰোৱালোহেঁতেন"- মহেশ ভাট 2


২০ বছৰ বয়সতে তেওঁ লোৰেন ব্ৰাইটৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল; লোৰেনে পিছলৈ নিজৰ নাম সলাই কিৰণ ভাট ৰাখি লয়। তেওঁলোকৰ এই সম্পৰ্কই অলপতে হাৰ মানিছিল যদিও বিবাহ বিচ্ছেদ হোৱা নাছিল।

"পূজা নিজৰ জীয়ৰী নহ'লে, বিয়া কৰোৱালোহেঁতেন"- মহেশ ভাট 3


ইয়াৰ পিছত তেওঁ অভিনেত্ৰী পাৰবীন ববীৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল কিন্তু তাৰ সমাপ্তিও ঘটিল বহু সোনকালে। ইয়াৰ পিছত তেওঁ পুনৰ এগৰাকী অভিনেত্ৰী সোনী ৰাজদানৰ সংস্পৰ্শলৈ আহে। যিহেতু মহেশ ভাটে নিজৰ প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰা নাছিল গতিকে তেওঁ সোনীক বিয়া কৰাবলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে; সোনী আৰু মহেশৰে জীয়ৰী হৈছে আলিয়া ভাট।

"পূজা নিজৰ জীয়ৰী নহ'লে, বিয়া কৰোৱালোহেঁতেন"- মহেশ ভাট 4
"পূজা নিজৰ জীয়ৰী নহ'লে, বিয়া কৰোৱালোহেঁতেন"- মহেশ ভাট 5


ইয়াৰ উপৰিও পৰিচালক গৰাকী নিজ জীয়ৰী পূজা ভাটৰ সৈতে হোৱা এক ফটোশ্বুটৰ বাবেও চৰ্চা লাভ কৰিছিল। য’ত তেওঁ নিজ পুত্ৰীক চুমা খাইছিল লগতে মহেশ ভাটে এক সাক্ষাৎকাৰ যোগে জনাইছিল যে, যদিহে পূজা তেওঁৰ নিজৰ ছোৱালী নহ’ল হেঁতেন, তেনেহ’লে তেওঁ বিয়া কৰোৱালে হেঁতেন। এনে মন্তব্যৰ বাবে বহু দিনলৈ সাধাৰণ জনৰ মুখত চৰ্চাৰ বিষয় হৈ পৰিছিল মহেশ।

"পূজা নিজৰ জীয়ৰী নহ'লে, বিয়া কৰোৱালোহেঁতেন"- মহেশ ভাট 6
https://www.instagram.com/p/B2nrKE3FxXG/?utm_source=ig_web_copy_link


পৰিচালক গৰাকীৰ জন্মদিনৰ দিনা আলিয়া তেওঁঁৰ শিশু কালৰে এখন ফটো আপলোড কৰি পিতৃক ধন্যবাদ জ্ঞাপন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.