সাধাৰণ নাইবা তাৰকা সকলৰ মাজতো চচিয়েল মিডিয়াই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে। চিলেব্ৰেটী সকলে কোনো খবৰ তেওঁলোকৰ অনুৰাগীক দিবলৈ হ’লেও তেওঁলোকক চচিয়েল মিডিয়াৰ সহায় লোৱা দেখা যায়; যেনে ইউটিউব, ফেচবুক অথবা ইনষ্টাগ্ৰাম।

বহু চিলেব্ৰেটীয়ে নিজস্ব একোটা ইউটিউব চেনেলো মুকলি কৰি লৈছে। এনে চিলেব্ৰেটী সমূহৰ ভিতৰত আছে বৰুণ ধৱন, আলিয়া ভাট,প্ৰিয়ংকা চোপ্ৰা, শিল্পা চেট্টি, অজয় দেৱগণ তথা দিশা পাটানী আদি।
কিন্তু, আপোনালোকে জানেনে বি-টাউনত কোনেনো প্ৰথমে মুকলি কৰিছিল নিজৰ ইউটিউব চেনেল?? অভিনেতা গৰাকী কিন্তু একেবাৰে এতিয়াৰ সময়ৰ নহয়। তেওঁ আছিল জনপ্ৰিয় অভিনেতা শমশেৰ ৰাজ কাপুৰ অৰ্থাৎ শম্মী কাপুৰ। অভিনেতা গৰাকীয়ে ২০০৭ চনত মুকলি কৰিছিল নিজৰ ইউটিউব চেনেল আৰু ২০১০ ৰ পৰা তেওঁ উক্ত চেনেলত বিভিন্ন ভিডিঅ’- ফটো আপলোড কৰিবলৈ ধৰে।

সংগৃহীতঃhttps://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/shammi-kapoor-was-the-first-bollywood-celeb-who-started-his-youtube-channel/articleshow/71292065.cms
Add comment