তামিল-তেলেগুৰ প্ৰায় ২০০ ছবিত অভিনীত অভিনেতা বেণু মাধৱে ৩৯ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰে। যোৱা কেইবাদিনৰ পৰাই লিভাৰ আৰু কিডনী বেমাৰত আক্ৰান্ত হৈ থকা এই অভিনেতা গৰাকীয়ে কমেডিয়ান হিচাপেই ছবিসমূহ অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।

মিমিক্ৰী কৰিয়েই অভিনয় জীৱনৰ পাতনি মেলা অভিনেতা গৰাকীয়ে ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত “সম্প্ৰদায়ম” শীৰ্ষক তেলেগু ছবিখনৰ পৰা নিজৰ কেৰিয়াৰৰ পাতনি মেলে। তেওঁৰ মৃত্যুত বৰ্তমান শোকস্তদ্ধ হৈ পৰিছে টলীউড জগতৰ সমগ্ৰ তাৰকা।

সংগৃহীতঃ https://aajtak.intoday.in/story/popular-telugu-comedian-venu-madhav-dies-at-39-in-secunderabad-tmov-1-1123046.html







Add comment