মানুহক যদি সঁচা অৰ্থত মনোৰঞ্জন কৰোৱাৰ কথা ক’বলৈ যাওঁ তেতিয়াহ’লে বি-টাউনৰ এগৰাকী অভিনেতাৰ নাম নোকোৱাকৈ নোৱাৰি। আপুনি ধৰিব পাৰিছেনে কোন?? সেইজন হৈছে ৰণৱীৰ সিং। প্ৰত্যেকটো সময়তে তেওঁ ব্যস্ত হৈ থাকে তেওঁৰ অনুৰাগীক মনোৰঞ্জন কৰোৱাবলৈ লগতে তেওঁৰ অনুৰাগীৰ সৈতে উঠা ফটো সমূহো তেওঁ নিজ ইনষ্টাগ্ৰামত পোষ্ট কৰি দৰ্শকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে।

তেনেক্ষেত্ৰতে, ৰণৱীৰ সিঙে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰা এখন সৰু কালৰ ফটো এতিয়া চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উক্ত ফটো খনত অভিনেতাগৰাকীয়ে ওলোৱা “ড্ৰাকুলা দাঁত” ৰ পৰাই ধৰিব পৰা যায় যে, অভিনেতাগৰাকী সৰু কালৰ পৰাই উৎপতীয়া আৰু হাঁহিমুখীয়া স্বভাৱৰ আছিল।
আপোনালোকক জনাই থওঁ যে, ৰণৱীৰ সিং অভিনীত “গলী বয়” ছবিখনে ২০২০ চনৰ অস্কাৰত মনোনয়ন লাভ কৰে। ছবিখন ভাৰতৰ ফালৰ পৰা “বেষ্ট ইন্টাৰনেশ্বনেল ফিছাৰ ফিল্ম” কেটেগৰীত মনোনয়ন লাভ কৰে।
সংগৃহীতঃ https://aajtak.intoday.in/story/ranveer-singh-shares-childhood-photo-is-too-cute-to-handle-tmov-1-1123024.html
Add comment