ঘৰুৱা দৰ্শকৰ পৰা প্ৰশংসা লাভ নকৰিলও কিছুমান এনে ছবি আছে; যিয়ে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শিত হয় সন্মান লাভ কৰি আহিছে। সেয়া অসমীয়াই হওঁক অথবা বড়ো, মিছিং আদি ভাষাৰেই নহওঁক কিয়!

তেনে এখন বড়ো ভাষাৰ ছবি হৈছে “ডাও হুদুনি মেথাই”। মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত তথা শংকৰ লাল গোৱাংকাৰ দ্বাৰা প্ৰযোজিত ৭৮ মিনিটৰ এই ছবিখন ৰশ্মিৰেখা বৰুৱাৰ অসমীয়া উপন্যাস “ডাও হুদু গান” ৰ ওপৰত আধাৰিত।

২০১৫ চনত মুক্তি প্ৰাপ্ত এই ছবিখন দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ সময়ছোৱাৰ বড়ো সমাজত ঘটা কিছু অৰাজনৈতিক ঘটনাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। সাম্প্ৰসায়িক সংঘৰ্ষ আৰু বিদ্ৰোহী কাৰ্যকলাপত বহু নিৰপৰাধী লোক নিহত হোৱা দেখিবলৈ পোৱা যায়। উক্ত ছবিখনত থকা নায়িকা গৰাকীয়েও এনে এক পৰিস্থিতিৰ বশৱৰ্তী হৈ হেৰুৱাবলগীয়া হয় নিজৰ প্ৰেম আৰু পৰিয়াল। আনপিনে, নায়িকা জনীক ধৰ্ষণো কৰা হয়। তেনে এক কাহিনীৰ ভেঁটিতে নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনীভাগ।

ইয়াৰ উপৰিও ছবিখনত নিষ্পেষিত, নিৰ্যাতিত লোক সমূহ পিছলৈ হুদু চৰাই হৈ নিজ ঘৰলৈ ঘূৰি আহি বিনাই থকা কিছুমান বড়ো জনগোষ্ঠীৰ সৈতে জড়িত অন্ধবিশ্বাসো দেখুওৱা হৈছে।

ছবিখনত অভিনয় কৰিছে ৰেশমা মোছাহাৰী,জেছমিন মোছাহাৰী,অহল্যা দৈমাৰী, নীত বসুমতাৰী, অজয় কুমাৰ বড়ো, টনি বসুমতাৰী, অঞ্জলী বড়োছা আৰু থাম্ফি ডাং বসুমতাৰীয়ে।

“ডাও হুদুনি মেথাই” ছবিখনে ৬৩ তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত বড়ো ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বটা লাভ কৰে। ২০১৬ চনত তেজপুৰত অনুষ্ঠিত সপ্তম প্ৰাগ চলচিত্ৰ বঁটাত অনা- অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে।
Add comment