Rupaliparda.com
হাত যোৰ কৰি ধন্যবাদ জ্ঞাপন বিগ বি অমিতাভৰঃ 1

হাত যোৰ কৰি ধন্যবাদ জ্ঞাপন বিগ বি অমিতাভৰঃ

বলীউডৰ মহানায়ক বিগ বি অমিতাভ বচ্ছনক প্ৰদান কৰা হ’ব ভাৰতীয় চলচিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ সন্মান “দাদা চাহেব ফাল্কে” এৱাৰ্ড। অভিনেতা গৰাকীৰ এই খবৰটোক লৈ এতিয়া উৎসাহী তেওঁৰ সমগ্ৰ অনুৰাগী। লগতে, অভিনেতা গৰাকীৰ এই খবৰত বহু লোকে তেওঁক শুভকামনাও জ্ঞাপন কৰিছে।

হাত যোৰ কৰি ধন্যবাদ জ্ঞাপন বিগ বি অমিতাভৰঃ 2


চচিয়েল মিডিয়াত প্ৰায়ে একটিভ হৈ থকা এই অভিনেতা গৰাকীয়ে তেওঁৰ শুভাকাংক্ষী তথা অনুৰাগীসকলক এক টুইট যোগে ধন্যবাদ জ্ঞাপন কৰিছে। চুপাৰষ্টাৰ ৰজনীকান্তৰ লগতে বহু বলীউডৰ তাৰকাই অমিতাভ বচ্ছনে লাভ কৰিবলগীয়া “দাদা চাহেব ফাল্কে” বঁটাক লৈ উৎসাহী হৈ পৰিছে।


উল্লেখ্য যে, পূৰ্বৰ দশকৰ লগতে বৰ্তমান সময়তো ৰাজত্ব কৰা অমিতাভ বচ্ছনেই হৈছে একমাত্ৰ এনে এক অভিনেতা; যাৰ ছবি চাবলৈ বৰ্তমানেও অপেক্ষষ কৰি ৰয় বহু দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform