অসমীয়া চলচিত্ৰ জগতৰ শিল্পী; যি গৰাকী একেধাৰে পৰিচালক, লিখক আৰু এগৰাকী দক্ষ অভিনেতাও। বহুকেইটা মিউজিক ভিডিঅ’ আৰু কেইবাখনো অসমীয়া ভিচিডিত অভিনীত লগতে অলপতে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰা অসমীয়া ছবি “কাঞ্চনজংঘা” ত “খলনায়ক” ৰ চৰিত্ৰত অভিনীত ভাইটি ত্ৰিদীপ লাহনক হয়টো আপোনালোক সকলোৱে চিনি পায়।

“মিছন-ছাইনা” ৰ “স্পাইদাৰ” য়ে হওঁক নাইবা “কাঞ্চনজংঘা” ৰ “ভাইটি” আৰু জানমণিৰ ভিচিডি ৰ সেই কমেডী চৰিত্ৰটোৱেই নহওঁক কিয়; অভিনেতা গৰাকীৰ অভিনয়ৰ অনুৰাগীৰ সংখ্যা এতিয়া যথেষ্ট।

অভিনেতা গৰাকীয়ে নিজ চচিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’ ৰ যোগেৰে এতিয়া ভাইৰেলো হৈ পৰিছে দৰ্শকৰ মাজত। বলীউডৰ আহিবলগীয়া ছবি “সান্ড কি আখ” ৰ বহুল প্ৰভাৱ দেখিবলৈ পোৱা গ’ল ত্ৰিদীপ লাহনৰ গাত। বন্দুকৰে এবাৰতেই লক্ষ্য ভেদ কৰা এক ভিডিঅ’ আপলোড কৰে অভিনেতা গৰাকীয়ে। চাওঁক চোন এই ভিডিঅ’টি-
Add comment