Rupaliparda.com
ৰাকেশ-ভৃগুৰ যুঁটিৰে অসমীয়া নতুন গীতঃ 1

ৰাকেশ-ভৃগুৰ যুঁটিৰে অসমীয়া নতুন গীতঃ

হিন্দীত এষাৰ কথা আছে “এক চে ভলে দো”। এতিয়া উক্ত কথাষাৰকেই অসমীয়া সংগীত জগতত প্ৰযোজিত কৰিব দুগৰাকী কন্ঠ শিল্পীয়ে। নৱপ্ৰজন্মৰ গায়ক সমূহৰ ভিতৰত উল্লেখযোগ্য দুইগৰাকী কন্ঠশিল্পী হৈছে ৰাকেশ ৰিয়ান আৰু ভৃগু কাশ্যপ। কিছু সময় পূৰ্বে মুক্তি প্ৰাপ্ত দুয়োগৰাকী শিল্পীৰে দুটা গীত ক্ৰমে “ৰামধেনু” আৰু “বাৰিষাৰে বৰষা হোৱা” ই ইতিমধ্যে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া ৰাকেশ-ভৃগুক দৰ্শকে একেলগে দেখিবলৈ পাব “লাজে লাজে” গীতটিত।

ৰাকেশ-ভৃগুৰ যুঁটিৰে অসমীয়া নতুন গীতঃ 2


লাডাখত শ্বুটিং সম্পন্ন হোৱা গীতটিয়ে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ১৯ অক্টোবৰ তাৰিখে। “লাজে লাজে” ৰ সৃষ্টিৰ আঁৰত দুয়োগৰাকী শিল্পী থাকিলেও গীতটিত সংযোজিত চুফী অংশটিতহে কন্ঠদান কৰিব ৰাকেশ ৰিয়ানে। অলপতে মুক্তিপ্ৰাপ্ত তেওঁলোকৰ কন্ঠৰ দুয়োটা গীতৰ লিংক তলত দি দিয়া হৈছে-

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform