সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ ৯০সংখ্যক জন্মদিন উদযাপন। ৰংগমঞ্চৰ কলাকাৰ হিচাপে জনপ্ৰিয় লতাৰ পিতৃৰ বাবেই লতা মংগেশকাৰে লাভ কৰিছিল সংগীতৰ এটা সুন্দৰ পৰিৱেশ। জন্মৰ পৰা “হেমা” নামেৰেই ডাঙৰ দীঘল হোৱা এই গৰাকী তাৰকাক তেওঁৰ ৫ বছৰ বয়সতহে “লতা” নামটো দিয়া হয়।

নিজৰ ঘৰৰ সমস্ত দায়িত্ব গ্ৰহণ কৰি কাম কৰিবলৈ লোৱা লতা মংগেশকাৰে কোনোদিন নিজৰ বিবাহৰ কথা ভাবিবই পৰা নাছিল। বহুত বেছি কাম তেওঁৰ লগত থকাৰ লগতে সৰু ভাই- ভনীক সংস্থাপন দিয়া দায়িত্বৰ ভাৰ তেওঁৰ লগত থকা বাবে লতাই কোনোদিন বিবাহ পাশত আবদ্ধ হ’ব পৰা নাছিল।

কেইবাটাও দশকত লতা মংগেশকাৰে নিজ কন্ঠৰ দ্বাৰা ৰাজত্ব কৰিছে এই সংগীত জগতত। তেওঁ বলীউডেই নহয় অসমীয়া সংগীততো কন্ঠ নিগৰাইছে।

ৰূপালী পৰ্দাৰ ফালৰ পৰা এই মহান তাৰকা গৰাকীক জন্মদিনৰ শুভকামনা জনোৱাৰ লগতে আহক শুনো তেওঁৰ কন্ঠৰ কেইটিমান জনপ্ৰিয় গীতঃ
Add comment