“সাৱেৰিয়া” ছবিৰ দ্বাৰা বলীউড ক্ষেত্ৰখনত ভৰি ৰখা ৰণৱীৰ কাপুৰে সম্পূৰ্ণ কৰিলে ৩৭ বছৰ বয়স। কাপুৰ পৰিয়ালৰ এইগৰাকী অভিনেতাৰ প্ৰথমখন ছবি চুপাৰ ফ্লপ হ’লেও ৰণৱীৰ অভিনীত কেইবাখনো ছবিয়ে বৰ্তমানেও দৰ্শকৰ মনত বাস কৰিছে। এই ছবি সমূহৰ ভিতৰত নাম ল’ব পাৰি “ৱেক আপ ছিড”, “ৰকষ্টাৰ”, “বৰফী” ইত্যাদি।


অভিনেতা ৰণৱীৰে নিজৰ জন্মদিন উপলক্ষে অনুষ্ঠিত কৰা পাৰ্টিত কেইবাজনো জনপ্ৰিয় তাৰকাৰ লগতে উপস্থিত থাকে বৰ্তমানৰ প্ৰেয়সী আলিয়া আৰু তেওঁৰ পূৰ্বৰ প্ৰেয়সী দীপিকা পাডুকনো। অভিনেতা গৰাকীৰ জন্মদিন উপলক্ষে আলিয়া ভাটে নিজৰ “লভ অৱ লাইফ” ক এক ইনষ্টাগ্ৰাম পোষ্ট যোগে শুভকামনা জনায়।

Add comment