Rupaliparda.com

এজন নহয় কেইবাজনো পুৰুষৰ মাজত লুকাল ৰাখীৰ স্বামীঃ

বলীউডৰ আইটেম গাৰ্ল তথা ড্ৰামা কুইন খ্যাত ৰাখী সাৱন্ত কিছু দিন পূৰ্বেই বিবাহ পাশত আবদ্ধ হৈ পৰিছিল। কিন্তু, বিবাহৰ ইমান দিন পিছতো তেওঁ নিজ স্বামীক চিনাকী কৰোৱা নাই দৰ্শকৰ আগত। তেওঁৰ নিজ বিবাহৰ ফটো আৰু এন.আৰ.আই ৰিতেশ নামৰ কোনো ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা বুলি দৰ্শকক জানিবলৈ দিয়ে যদিও তেওঁ স্বামীৰ ফটো আপলোড কৰাৰ পৰা বিৰত থাকে।

এজন নহয় কেইবাজনো পুৰুষৰ মাজত লুকাল ৰাখীৰ স্বামীঃ 1


ইয়াৰ উপৰিও,ৰাখীৰ বিবাহৰ সৈতে জড়িত বিতৰ্কই বহু দিনৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এনেক্ষেত্ৰত, ৰাখীয়ে আকৌ এবাৰ লৈ আহিলে আন এটা ভিডিঅ’; য’ত তেওঁৰ লগত আছে তেওঁৰ স্বামী।

View this post on Instagram

Konsa Mera husband hai

A post shared by Rakhi Sawant (@rakhisawant2511) on


কিন্তু এইখিনিতে আহিলে এটা টুইষ্ট; ৰাখীয়ে নিজাকৈ চিনাকী কৰোৱা নাই নিজ স্বামীক। উক্ত ভিডিঅ’টোৰ যোগেৰে তেওঁ দৰ্শককহে চিনাক্তকৰণ কৰিবলৈ কৈছে অভিনেত্ৰী গৰাকীৰ স্বামীক।

এজন নহয় কেইবাজনো পুৰুষৰ মাজত লুকাল ৰাখীৰ স্বামীঃ 2

ইয়াৰ লগতে আপোনালোকক জনাই থওঁ যে, কাৰ্লাছ যোগে প্ৰচাৰিত আহিবলগীয়া ৰিয়েলিটী শ্ব’ “বিগ বছ” ত দেখিবলৈ পোৱা যাব ৰাখীক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.