Rupaliparda.com

“জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে”-ফাৰহান আখতাৰ

প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰহান আখতাৰ অভিনীত আহিবলগীয়া “ডা স্কাই ইজ পিংক” শীৰ্ষক ছবিখনৰ প্ৰমোচনক লৈ ব্যস্ত এতিয়া সমূহ অভিনেতা-অভিনেত্ৰী। ছবিখনত প্ৰিয়ংকা-ফাৰহানৰ উপৰিও দৰ্শকে দেখিবলৈ পাব জাইৰা ৱসীমক।

"জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে"-ফাৰহান আখতাৰ 1

জাইৰা ৱসীমৰ অভিনয়ৰ পৰা বিৰতি লোৱা- নোলোৱা ক্ষেত্ৰত বহু জনে বিভিন্ন মন্তব্য কৰা দেখা পোৱা গৈছিল। অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত আপলোড কৰা সেই পোষ্টটোত তেওঁৰ অনুৰাগীয়েও বিভিন্ন ধৰণে কমেন্ট কৰি জাইৰাক নিজৰ সিদ্ধান্ত সলনি কৰাৰ বাবে অনুৰোধ কৰিছিল।


ঠিক এনে পৰিপ্ৰেক্ষিততে, ফাৰহান আখতাৰেও জাইৰা ৱসীমক নিজৰ সিদ্ধান্ত সলনি কৰাৰ অনুৰোধ জনায়। লগতে ফাৰহানে কয় যে “জাইৰাৰ এনে সিদ্ধান্তত তেওঁক কোনোৱে বিচাৰ অথবা প্ৰশ্ন কৰিব নালাগে। কিয়নো এনে সিদ্ধান্ত তেওঁৰ নিজৰেই। কিন্তু মই তেওঁৰ লগত বহু দিন ধৰি কাম কৰি আহিছো বাবেই মোৰ এনে অনুভৱ হয় যে তেওঁ অভিনয় এৰাৰ সিদ্ধান্ত সলনি কৰিব লাগে।”

"জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে"-ফাৰহান আখতাৰ 2


আপোনালোকক জনাই থওঁ যে সঁচা ঘটনাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন অহা ১১ অক্টোবৰ তাৰিখে মুক্তি পাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.