তিনিটা সফল চিজনৰ পিছত পুনৰ দৰ্শকৰ মাজলৈ আহি আছে “নাগিন” ৰ চতূৰ্থটো সংস্কৰণ। মৌনী ৰয় আৰু অৰ্জুন বিজলানীৰ দ্বাৰা আৰম্ভ হোৱা এই ধাৰাবাহিকখনত একতা কাপুৰে প্ৰত্যেকটো চিজনত ন-ন কাহিনী আৰু অভিনেতা-অভিনেত্ৰী সংযোজিত কৰি আহিছে। পূৰ্বৰ তিনিওটা চিজনত অভিনীত অভিনতা-অভিনেত্ৰী সমূহ আছিল ক্ৰমে মৌনী, অৰ্জুন বিজলানী,কৰিশ্মা তন্না, সুৰভি জ্যোতি, অনীতা হসনন্দানী, ৰজত টোকাস আৰু পৰ্ল বী পুৰী।


একতা কাপুৰে কিছুদিন পূৰ্বেই “নাগিন-৪” ৰ কথা উল্লেখ কৰিছিল আৰু ইতিমধ্যে ধাৰাবাহিকখনৰ প্ৰমো’ মুকলি কৰি দিয়া হৈছে। কিন্তু, ধাৰাবাহিকখনৰ এইবাৰৰ সংস্কৰণটোত কোন থাকিব সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই।
“নাগিন ৪” ত হিনা খান আৰু বিবেক দাহিয়াক দেখিবলৈ পোৱা যাব বুলি বহুতেই কৈছে যদিও ই সম্পূৰ্ণৰূপে নিশ্চিত নহয়।
Add comment