Rupaliparda.com

ক্ৰীড়াভিত্তিক নতুন ছবিৰ আগমনঃ “তুফান”-

পৰিচালক ৰাকেশ ঔমপ্ৰকাশ মেহৰাৰ দ্বাৰা নিৰ্মিত ছবি “তুফান” ৰ ইতিমধ্যে মুকলি কৰা হ’ল ফাৰ্ষ্ট লুক পোষ্টাৰ। ছবিখনত জনপ্ৰিয় অভিনেতা ফৰহান আখতাৰক এগৰাকী বক্সাৰৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। ক্ৰীড়াভিত্তিক এই ছবিখন অহা বৰ্ষৰ ২ অক্টোবৰ তাৰিখে অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা মুক্তি দিয়া হ’ব।

ক্ৰীড়াভিত্তিক নতুন ছবিৰ আগমনঃ "তুফান"- 1


ছবিখনৰ নিগেটিভ চৰিত্ৰত অভিনয় কৰিছে দৰ্শন কুমাৰে। উক্ত অভিনেতা গৰাকীয়ে ছবিখনত মহাৰাষ্ট্ৰৰ বক্সাৰ ধৰ্মেশ পাটিলৰ চৰিত্ৰ ৰূপায়ন কৰিব। উল্লেখ্য যে, ফাৰহান তথা দৰ্শনকে ধৰি ছবিখনত অভিনীত অভিনেতা সমূহে “তুফান” ৰ বাবে নিজক তৈয়াৰ কৰিবলৈ প্ৰায় ৭-৮ ঘন্টাকৈ ট্ৰেইনিং কৰা দেখিবলৈ পোৱা গৈছে

ক্ৰীড়াভিত্তিক নতুন ছবিৰ আগমনঃ "তুফান"- 2


ইয়াৰ উপৰিও, অভিনেতা সমূহৰ বাবে মুম্বাই ৱেষ্টৰ্ণ এক্সপ্ৰেছ হাইৱেত অৱস্থিত এটা ফেক্টৰীত বক্সিংৰ সা-সুবিধা সমূহ কৰি দিয়া হৈছে। লগতে, ফাৰহান আখতাৰক দৰ্শকে দ্বিতীয় বাৰৰ বাবে এজন খেলুৱৈ ৰূপত দেখিবলৈ পাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform