Rupaliparda.com
পিতৃৰ প্ৰশংসাত পঞ্চমুখ সাৰা-ইব্ৰাহিমঃ 1

পিতৃৰ প্ৰশংসাত পঞ্চমুখ সাৰা-ইব্ৰাহিমঃ

অলপতে সাৰা আলি খান তথা তেওঁৰ ভাতৃ ইব্ৰাহিমে এখন মেগাজিনৰ বাবে ফটোশ্বুট কৰা দেখিবলৈ পোৱা গৈছিল। ছেইফ আলি খানৰ এই সন্তানদ্বয়ে প্ৰথম বাৰৰ বাবে কৰিছিল একেলগে ফটোশ্বুট। এই ফটোশ্বুটৰ সময়ছোৱাতে সাৰা-ইব্ৰাহিমে নিজৰ জীৱন তথা পিতৃৰ বিষয়েও কিছু কথা কয়।

পিতৃৰ প্ৰশংসাত পঞ্চমুখ সাৰা-ইব্ৰাহিমঃ 2

সাক্ষাৎকাৰ যোগে ইব্ৰাহিমক তেওঁৰ পিতৃৰ বিষয়ে সোধাত কয় যে, “মোক বহু লোকে দেউতাৰ নিচিনা থাকিবলৈ বা তেওঁৰ নিচিনা দেখাত বাধা দিবলৈ বিচাৰে কিন্তু দেউতাই নিজে মোক তেওঁৰ নিচিনা বুলি কয়।” লগতে তেওঁ কয় যে, ” দেউতাই মোক বহুত মৰম কৰে আৰু জীৱনৰ যথেষ্ট কথা শিকায়।”

পিতৃৰ প্ৰশংসাত পঞ্চমুখ সাৰা-ইব্ৰাহিমঃ 3

ইয়াৰ সমান্তৰালকৈ সাৰাই নিজৰ পিতৃক উদ্দেশ্যি কয় যে, “তেওঁ বলীউড গছিপ বোৰ সাংঘাতিক বেয়া পায়; তেওঁ ৰোমানৰ ইতিহাসবোৰহে বেছিকৈ জানিব বিচাৰে।” ইয়াৰ উপৰিও সাৰাই নিজৰ পিতৃৰ প্ৰশংসাত কয় যে ছেইফ তেওঁৰ পৃথিৱীৰে এজন অন্য লোক।

পিতৃৰ প্ৰশংসাত পঞ্চমুখ সাৰা-ইব্ৰাহিমঃ 4

ইয়াৰ লগতে, ভাতৃ-ভগ্নীৰ প্ৰথম বাৰৰ বাবে হোৱা এই ফটোশ্বুটেও বৰ্তমান চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.