Rupaliparda.com
"ওমানিয়া" ত কৰিলে নৃত্য ৰিয়েল প্ৰকাশী আৰু চন্দ্ৰো তোমৰেঃ 1

“ওমানিয়া” ত কৰিলে নৃত্য ৰিয়েল প্ৰকাশী আৰু চন্দ্ৰো তোমৰেঃ

বলীউডত কেইবাটাও ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ উঠা তাপসি পান্নু তথা ভূমি পাডনেকাৰ বৰ্তমান ব্যস্ত তেওঁলোকৰ আহিবলগীয়া “সান্ড কি আখ” ছবিখনক লৈ। পৃথিৱীৰ সকলোতকৈ বৃদ্ধ শ্বুটাৰ প্ৰকাশী তোমৰ আৰু চন্দ্ৰো তোমৰৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মিত উক্ত ছবিখন চলিত বৰ্ষৰ দীপাৱলীৰ প্ৰাকক্ষণত মুক্তি লাভ কৰিব।

"ওমানিয়া" ত কৰিলে নৃত্য ৰিয়েল প্ৰকাশী আৰু চন্দ্ৰো তোমৰেঃ 2


ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিততে, অভিনেত্ৰী দুগৰাকীও ব্যস্ত হৈ পৰিছে ছবিখনৰ প্ৰচাৰত। ইয়াৰ লগতে, “সান্ড কি আখ” ৰ এটি গীত “ওমানিয়া” ৰ মুক্তিৰ পিছতেই অভিনেত্ৰী ভূমিক দেখা পোৱা গ’ল ৰিয়েল প্ৰকাশী আৰু চন্দ্ৰো তোমৰৰ সৈতে।

https://www.instagram.com/p/B3LmEmnhFBl/?utm_source=ig_web_copy_link


অভিনেত্ৰী ভূমিয়ে তেওঁৰ চচিয়েল মিডিয়াত আপলোড কৰিলে এটা ভিডিঅ’; য’ত প্ৰকাশী আৰু চন্দ্ৰো তোমৰে “ওমানিয়া” গীতটিত কৰিছে নৃত্য।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.