Rupaliparda.com
অদ্ভূত কাপোৰ পিন্ধি ৰণৱীৰে কিয় কন্দুৱালে শিশু?? 1

অদ্ভূত কাপোৰ পিন্ধি ৰণৱীৰে কিয় কন্দুৱালে শিশু??

ৰণৱীৰৰ ব্যতিক্ৰমী ৰঙা হুদীয়ে চৰ্চা লাভ কৰাৰ লগতে চৰ্চা লাভ কৰিছিল সেই সময়ছোৱাৰ এক ভিডিঅ’ৱেও। ৰণৱীৰ সিং ডাবিংগ ষ্টুডিঅ’ ৰ পৰা বাহিৰ ওলাই অহা সময়খিনিতে অভিনেতা গৰাকীৰ বহু অনুৰাগীয়ে তেওঁক ঘেৰি ধৰে আৰু ষ্টুডিঅ’ৰ বাহিৰত ভিৰ হোৱা পৰিলক্ষিত হয়।

অদ্ভূত কাপোৰ পিন্ধি ৰণৱীৰে কিয় কন্দুৱালে শিশু?? 2


এনে পৰিপেক্ষিততে, এটা ভিডিঅ’ চচিয়েল মিডিয়াত দেখিবলৈ পোৱা যায় য’ত ৰণৱীৰ ওলাই অহা সময়তে এটা শিশু ছোৱালীয়ে কান্দিবলৈ ধৰে। উক্ত ভিডিঅ’টিত বিভিন্ন জনে কমেন্ট কৰি কয় যে, ৰণৱীৰৰ এনে অদ্ভূত কাপোৰৰ বাবে ভয় খাই হয়তো শিশুটোৱে কান্দিবলৈ লৈছিল।

https://www.instagram.com/p/B3GoH4PHCrw/?utm_source=ig_web_copy_link


কিন্তু, ইয়াৰ পিছতে যেতিয়া সেই ভিৰত থকা অভিনেতা গৰাকীৰ অনুৰাগীক এই বিষয়ে সোধা হয় তেতিয়া তেওঁ কয় যে আছলতে বাহিৰত অকস্মাতে হোৱা ভিৰৰ ফলতহে শিশুটিৱে কান্দে। ৰণৱীৰে আনকি শিশুটোৰ পিতৃক সেই ভিৰৰ পৰা তেওঁক বচাবলৈ অথবা সুৰক্ষিত ৰাখিবলৈহে উপদেশ দিছিল।

Add comment

Leave a Reply