Rupaliparda.com
চিৰদিন-চিৰজীৱন হাত সাৱটি ৰখাৰ প্ৰতিশ্ৰুতি অমৃতাৰঃ 1

চিৰদিন-চিৰজীৱন হাত সাৱটি ৰখাৰ প্ৰতিশ্ৰুতি অমৃতাৰঃ

কিমান মধুৰ এই প্ৰেমৰ সম্পৰ্ক; প্ৰত্যেকটো ক্ষণতে আপোনজনক নিজৰ সৈতে ৰখাৰ চেষ্টা। জীৱনটোৰ সকলো ঘাত-প্ৰতিঘাতত আপোনজনৰ হাত সাৱটি আগবঢ়াৰ চেষ্টা কৰা হয় এই সময়খিনিত। তেনে প্ৰেমৰ প্ৰথমখন দেওঁনা পাৰ কৰিলে অভিনেত্ৰী অমৃতা গগৈয়ে।

চিৰদিন-চিৰজীৱন হাত সাৱটি ৰখাৰ প্ৰতিশ্ৰুতি অমৃতাৰঃ 2
চিৰদিন-চিৰজীৱন হাত সাৱটি ৰখাৰ প্ৰতিশ্ৰুতি অমৃতাৰঃ 3


৮ বছৰীয়া প্ৰেমৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে অমৃতাই। যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা মনদ্বীপ কাকতিৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ল অভিনেত্ৰী গৰাকী। ইনষ্টাগ্ৰাম যোগে নিজৰ বিবাহৰ সময়ছোৱাৰ এক ফটো আপলোড কৰি দৰ্শকৰ ওচৰত আশীবাৰ্দ বিচাৰে অভিনেত্ৰী অমৃতাই।

https://www.instagram.com/p/B3PYBgwBY3x/?utm_source=ig_web_copy_link


ইতিমধ্যে চচিয়েল মিডিয়া যোগে কৰিঅ’গ্ৰাফাৰ ও অভিনেতা উদয় শংকৰে দৰ্শকৰ ওচৰত অভিনেত্ৰী গৰাকীৰ বিবাহৰ কিছু ভিডিঅ’ আৰু ফটো আপলোড কৰে।

ৰূপালী পৰ্দাৰ ফালৰ পৰা অভিনেত্ৰী অমৃতা গগৈক যুগ্ম জীৱনৰ অশেষ শুভকামনা জ্ঞাপন কৰিছো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.