Rupaliparda.com
পূজাৰ ব্যস্ততা আৰু "ৰত্নাকৰ" ৰ প্ৰচাৰঃ ইয়াৰ মাজতে বৰষাৰ শাৰদীয় ধেমালি- 1

পূজাৰ ব্যস্ততা আৰু “ৰত্নাকৰ” ৰ প্ৰচাৰঃ ইয়াৰ মাজতে বৰষাৰ শাৰদীয় ধেমালি-

শাৰদীয় দূৰ্গোৎসৱে সকলোৰে মনত এক উখল-মাখলৰ সৃষ্টি কৰাটো স্বাভাৱিক। সেয়া লাগিলে সাধাৰণজনেই হওঁক অথবা কোনো চিলেব্ৰিটীয়ে নহওঁক কিয়; প্ৰত্যেকৰে মনবোৰ উৎসৱমুখৰ হৈ পৰে। তেনে এক উখল মাখল পৰিস্থিতি বিৰাজ কৰিছে এগৰাকী অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাসগৃহত।

পূজাৰ ব্যস্ততা আৰু "ৰত্নাকৰ" ৰ প্ৰচাৰঃ ইয়াৰ মাজতে বৰষাৰ শাৰদীয় ধেমালি- 2


তেওঁৰ নিজ বাসগৃহত পতা এই দূৰ্গা পূজা খনে ইতিমধ্যে অতিক্ৰম কৰিছে মুঠ ৯৩ টা বৰ্ষ; গতিকে “ৰত্নাকৰ” প্ৰচাৰৰ ব্যস্ততা আৰু “দূৰ্গা পূজা” ৰ আনন্দই এতিয়া এক অইন সুখ প্ৰদান কৰিছে অভিনেত্ৰী গৰাকীক। ৰূপালী পৰ্দাৰ সৈতে হোৱা চমু কথা বতৰাত অভিনেত্ৰী বৰষাই জনাই যে-

পূজাৰ ব্যস্ততা আৰু "ৰত্নাকৰ" ৰ প্ৰচাৰঃ ইয়াৰ মাজতে বৰষাৰ শাৰদীয় ধেমালি- 3


“আমাৰ এই পূজাখনে ৯৩ টা বছৰ অতিক্ৰম কৰিছে। আছলতে, আমি পৰম্পৰাগতভাৱে এই পূজা ভাগ কৰো। আমাৰ কোনো বাহ্যিকতা নাই; মোৰ গোটেই পৰিয়ালটোৱে মহালয়াৰ পিছদিনাৰ পৰা নৱৰাত্ৰীৰ ব্ৰতত থাকো আৰু গুৱাহাটীৰ যিখিনি পূৰণি মানুহ তেওঁলোক এই পূজাখনলৈ আহেই এবাৰ সেৱা কৰিবলৈ। এই লোক সকলৰ হয়টো বিশ্বাস যে, দূৰ্গা পূজাৰ যিটো পৰম্পৰা বা আধ্যাত্মিকতা তেওঁলোকে এই পূজা খনত বিচাৰি পায়।”

অভিনেত্ৰী গৰাকীক তেওঁৰ দূৰ্গা পূজাৰ প্ৰস্তুতিৰ বিষয়ে সোধাত তেওঁ কৈছিল যে-
“এইবাৰ দূৰ্গা পূজাখন আছলতে বহু ব্যস্ততাৰ মাজত আহিছে। “ৰত্নাকৰ” ৰ প্ৰচাৰ চলাই থকা সকলো ৰাইজে দেখিছেই, গতিকে ভীষণ ব্যস্ত হৈ আছিলো এইকেইটা দিন। এইকেইদিনটো হয়তো যতীন দা হ’ত ক’ৰবালৈ যাব কিন্তু নিজৰ ঘৰৰ পূজা যিহেতু মই ক’তো নাযাও ভাবিছো।
আৰু বাকী পূজা বুলিটো কাপোৰ লোৱা হয়েই ; লগতে দূৰ্গা পূজা মানে শৰতৰ আগমণি গতিকে মনটো এনেই কিবা এটা ভাল লাগি থাকে। এই বছৰতোৱে; যেনেঃ বৰ শীতল অথবা শেৱালী ফুলা আৰু বেলিটো যেনেকৈ অস্ত যোৱা আগতে ৰঙছুৱা হৈ পৰে; এই সকলোবোৰেই ইমান ড্ৰামেটিক,জানানে?? পূজা বুলিয়ে মনটো ভাল লাগি যায়।”

পূজাৰ ব্যস্ততা আৰু "ৰত্নাকৰ" ৰ প্ৰচাৰঃ ইয়াৰ মাজতে বৰষাৰ শাৰদীয় ধেমালি- 4


বৰষা ৰাণীয়ে ৰূপালী পৰ্দাৰ জৰিয়তে গুৱাহাটী বাসীক নিজৰ ঘৰৰ পূজা ভাগলৈ আমন্ত্ৰণ জনায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform