ৰণৱীৰ-দীপিকাই বৈবাহিক সম্পৰ্ক এটাত বান্ধ খাই পৰিছে যদিও অভিনেতা-অভিনেত্ৰীদ্বয়ে ইজনে আনজনৰ প্ৰতি থকা আন্তৰিকতাক দৰ্শকৰ ওচৰত সদায় দেখুৱাবলৈ সক্ষম হৈ পৰে। কোনো ধৰণৰ ফাঞ্চন অথবা অনুষ্ঠানৰ সময়ছোৱাত তেওঁলোকক একেলগে দেখিলে প্ৰায় দৰ্শকে তেওঁলোকৰ মাজৰ প্ৰেমক অনুভৱ কৰিব পাৰে।

ৰণৱীৰ-দীপিকাৰ আহিবলগীয়া ছবি ‘৮৩ ৰ শ্বুটিং সমাপ্তিৰ আনন্দত তেওঁলোকে এটা পাৰ্টি অনুষ্ঠিত কৰে য’ত বলীউডৰ তাৰকাৰ লগতে কেইবাগৰাকীও ডাঙৰ ডাঙৰ লোক উপস্থিত থাকে।

উক্ত পাৰ্টিটোত দীপিকা-ৰণৱীৰে একেলগে ডান্স কৰি থকা মূহুৰ্তৰ কেইটামান ভিডিঅ’ দীপিকাৰ ফেন ক্লাৱৰ দ্বাৰা চচিয়েল মিডিয়া যোগে আপলোড কৰা হয়। ভিডিঅ’ কেইটা বৰ্তমান চচিয়েল মিডিয়াত লাখৰ সংখ্যাত ভাইৰেল হৈ পৰিছে। উক্ত ডান্সৰ পৰাই বিবাহিত যুঁটিটোৰ মাজৰ ভালপোৱা খিনিক উপলদ্ধি কৰিব পৰা যায়।
আপোনালোকক জনাই থওঁ যে, “৮৩” ছবিখন ভাৰতে ১৯৮৩ চনত বিশ্বকাপ জয়ৰ সেই সময়ছোৱাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।
Add comment