Rupaliparda.com
প্ৰথমবাৰৰ বাবে একেখন ছবিত পিতৃ-জীয়ৰীঃ 1

প্ৰথমবাৰৰ বাবে একেখন ছবিত পিতৃ-জীয়ৰীঃ

পিতৃৰ সৈতে প্ৰথমবাৰৰ বাবে কাম কৰিবলৈ প্ৰস্তুতি চলাইছে জান্হৱী কাপুৰে। “ধড়ক” ছবিখনৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা এইগৰাকী অভিনেত্ৰী প্ৰযোজক বোণী কাপুৰ তথা মোহময়ী অভিনেত্ৰী শ্ৰী দেৱীৰ জীয়ৰী। আগন্তু কেইবাখনো ছবিত দৰ্শকে দেখিবলৈ পাব জান্হৱী কাপুৰক।

প্ৰথমবাৰৰ বাবে একেখন ছবিত পিতৃ-জীয়ৰীঃ 2


এনেক্ষেত্ৰত, প্ৰযোজক বোণী কাপুৰ আৰু নিৰ্মাতা মহাবীৰ জেইনে লগ হৈ দু্টা প্ৰজন্মৰ মাজৰ অন্তৰাল খিনিক দেখুৱাবলৈ এখন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ছবিখনৰ নাম হৈছে “বোম্বে গাৰ্ল”; য’ত মূখ্য চৰিত্ৰ অৰ্থাৎ যুৱপ্ৰজন্মৰ এগৰাকী বিদ্ৰোহী ছোৱালীৰ চৰিত্ৰ ৰূপায়ন কৰিব জান্হৱীয়ে। ছবিখনৰ চিত্ৰনাট্যৰ লগতে নিৰ্দেশনাৰ দায়িত্বত আছে সঞ্জয় ত্ৰিপাঠী।

প্ৰথমবাৰৰ বাবে একেখন ছবিত পিতৃ-জীয়ৰীঃ 3
প্ৰথমবাৰৰ বাবে একেখন ছবিত পিতৃ-জীয়ৰীঃ 4


ছবিখনত দুই প্ৰজন্মৰ মাজত থকা চিন্তা-চৰ্চাৰ ব্যৱধান সমূহ দেখুওৱাৰ লগতে সেইখিনিক একলগ কৰাৰ চেষ্টাও কৰিব “বোম্বে গাৰ্ল- এ”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.