মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান অনুৰাগ শইকীয়াৰ এক ব্যতিক্ৰমী সপোন। ১৫ শ শতিকাৰ বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্ট বৰগীতক এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ব্যতিক্ৰমী সপোনক বাস্তৱত ৰূপায়িত কৰাৰ প্ৰচেষ্টা হাতত লৈছে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) প্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই । উক্ত প্ৰকল্পটোৰ নাম হৈছে “প্ৰজেক্ট বৰগীত”।

এচাম লোকৰ মাজত তথা কেৱল মাত্ৰ আধ্যাত্মিক পৰিসৰৰ মাজতেই সীমাবদ্ধ হৈ থকা “বৰগীত” ক এক নতুন চিনাকী প্ৰদানত ব্যস্ত অসম সন্তান অনুৰাগ। দুটিকৈ বৰগীত ক্ৰমে “আৰে কম্পিত” আৰু “ফাগু খেলে” ক চলিত বৰ্ষৰ ৬ এপ্ৰিলত মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ ত বাণীবন্ধনৰ কাম সম্পূৰ্ণ কৰা হয়। বৰগীত দুটিত কোনো ধৰণৰ ফিউজন প্ৰদান নকৰি কেৱল মাত্ৰ তাক ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছে।
অনুৰাগ শইকীয়াৰ পৰিচালনাত বৰগীত দুটিৰ অৰ্কেষ্ট্ৰাত অংশগ্ৰহণ কৰে বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে ১৫ গৰাকী কলা-কুশলীয়ে। ইতিমধ্যে, “প্ৰজেক্ট বৰগীত” ৰ এটা টিজাৰ গুৰুজনাৰ ৫৭১ তম জন্ম তিথিৰ দিনাই মুকলি কৰা হয়।
Add comment