ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবিখন হৈছে “সন্ধ্যাৰাগ”। তেওঁৰে ই “বানপ্ৰস্থ” শীৰ্ষক গল্পটিৰ আধাৰত নিৰ্মিত এই ছবিখন পৰিচালনাৰ লগতে চিত্ৰনাট্য তথা সংলাপ আছিল ভৱেন্দ্ৰ নাথ শইকীয়াৰে।

১৯৭৭ চনৰ ৫ আগষ্ট তাৰিখে মুক্তিপ্ৰাপ্ত ছবিখন পিতৃহীনা দুগৰাকী জীয়ৰী আৰু তেওঁলোকৰ বিধৱা মাকৰ জীৱন দুখৰ কাহিনীৰেই নিৰ্মাণ কৰা এই ছবিখন। দৰিদ্ৰতাৰ বাবে কেনেদৰে এগৰাকী জীয়ৰীয়ে সন্তান জন্ম দিব নোৱাৰা এজন পুৰুষৰ সৈতে বিবাহত বহিবলগীয়া হয় তাকেই দেখুওৱা হৈছে “সন্ধ্যাৰাগ” ছবিখনত। ছবিখনত দুটা গীতৰ সংযোজন কৰা হৈছে।

ছবিখনত অভিনয় কৰিছে ৰুণু দেৱী,অৰুণ শৰ্মা,মায়া বৰুৱা, আৰতি বৰুৱা, কাশ্মিৰী শইকীয়া,ৰাজু বৰদলৈ, পূৰ্ণিমা পাঠক, নানু দত্ত, ঈশান বৰুৱা, বিষ্ণু বৰুৱা, আনন্দ মোহন ভাগৱতী, মামণি দাস, সংগীতা শইকীয়া, তৃপ্তিকল্প হাজৰিকা, ৰূপম বৰুৱা আৰু উপকুল বৰদলৈয়ে।

“সন্ধ্যাৰাগ” ছবিখনে ১৯৭৭ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।
Add comment