এই বৰ্ষটো কাৰ্তিক আৰিয়নৰ বাবে শুভ বৰ্ষ। ভেলেন্টাইন ডে’ দিনা অৰ্থাৎ আজি মুক্তি লাভ কৰিব তেওঁৰ এখন ছবি “লভ আজ কল”। লগতে, কাৰ্তিক আৰিয়ন গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱাৰ্ডকলৈও উৎসাহিত হৈ পৰিছে। কিয়নো, বলীউডৰ সবাতোকৈ শ্ৰেষ্ঠ এই এৱাৰ্ড ফাঞ্চন খনত অভিনেতা গৰাকীৰ এটা পূৰণা সপোন পূৰ্ণ হ’ব।

উক্ত “লভ আজ কল” ছবিখনত কাৰ্তিকে ৯০ দশকৰ এটা চৰিত্ৰ ৰূপায়ন কৰিছে। ঠিক তেনেদৰে, ৯০ দশকৰ শ্বাহৰুখ আৰু ছলমানৰ গীতত এইবাৰৰ ফিল্মফেয়াৰত নৃত্য প্ৰদৰ্শন কৰিব কাৰ্তিক আৰিয়নে।

গুৱাহাটী আমিনাগাওঁস্থিত ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত ১৫ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই এৱাৰ্ড শ্ব’টো টেলিকাষ্ট কৰা হ’ব ১৬ ফেব্ৰুৱাৰী তাৰিখে।
Add comment