Rupaliparda.com
"সূৰ্য়বংশী" ত কি হ'ব অক্ষয়ৰ নাম? জনালে কেটৰিণা কাইফেঃ 1

“সূৰ্য়বংশী” ত কি হ’ব অক্ষয়ৰ নাম? জনালে কেটৰিণা কাইফেঃ

বহু দিনৰ বিৰতিৰ অন্তত একেলগে দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰ আৰু কেটৰিণা কাইফক। ইতিমধ্যে দুয়োগৰাকীক একেলগে দেখিবলৈ পোৱা ছবিখনৰ নাম তথা ফাৰ্ষ্ট লুক পোষ্টাৰ দৰ্শকৰ আগত মুকলি কৰি দিয়া হৈছে। ৰোহিট ছেট্টীৰ পৰিচালনাত নিৰ্মিত “সূৰ্য়বংশী” ছবিখনত একেলগ দেখিবলৈ পোৱা যাব তাৰকাদ্বয়ক।

"সূৰ্য়বংশী" ত কি হ'ব অক্ষয়ৰ নাম? জনালে কেটৰিণা কাইফেঃ 2


হায়দৰাবাদত ছবিখনৰ শ্বুটিং চলি থকা সময়তে অভিনেত্ৰী কেটৰিণা কাইফে উক্ত ছবিখনত থকা অক্ষয় কুমাৰৰ চৰিত্ৰটোৰ নামৰ সৈতে এখন ফটো আপলোড কৰে; য’ত এতিয়া অনুৰাগীৰ কমেন্টে ভিৰৰ সৃষ্টি কৰিছে।

https://www.instagram.com/p/B3W2w-DBVj9/?utm_source=ig_web_copy_link


অহা বৰ্ষৰ মাৰ্চৰ ২৭ তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ ক্লাইমেক্সত অজয় দেৱগন লগতে ৰণৱীৰ সিঙকো দেখিবলৈ পোৱা যাব। “সিংঘম” তথা “সিম্বা” ৰ সফলতাৰ পিছত পৰিচালক ৰোহিট চেট্টীয়ে পুনৰ বাৰ আৰক্ষীৰ কাহিনীৰেই নিৰ্মাণ কৰিছে “সূৰ্য়বংশী”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.