Rupaliparda.com
অসাধাৰণভাৱে আৰম্ভ "ভূল ভূলেইয়া ২" ৰ শ্বুটিংঃ 1

অসাধাৰণভাৱে আৰম্ভ “ভূল ভূলেইয়া ২” ৰ শ্বুটিংঃ

বহু প্ৰত্যাশিত ছবি “ভূল ভূলেইয়া ২” ৰ আৰম্ভ হ’ল শ্বুটিং। ছবিখনৰ মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব কিয়াৰা আদৱানী আৰু কাৰ্তিক আৰিয়নক। ইতিমধ্যে ছবিখনৰ কেইবাখনো পোষ্টাৰ দৰ্শকৰ আগত মুকলি কৰি দিয়া হৈছে।

অসাধাৰণভাৱে আৰম্ভ "ভূল ভূলেইয়া ২" ৰ শ্বুটিংঃ 2


অভিনেতা কাৰ্তিকে ইনষ্টাগ্ৰাম যোগে শ্বুটিঙৰ সময়ছোৱাৰ এখন ফটো আপলোড কৰে। ফটোখন সাধাৰণ হ’লেও দৰ্শকে মনোযোগ দি চালে তাত দেখিবলৈ পাব কিছু ভয়ানক ও ব্যতিক্ৰমী বস্তু-

https://www.instagram.com/p/B3YybJbFz9X/?utm_source=ig_web_copy_link


পোষ্টাৰ মুকলিৰ পিছতেই ছবিখনক লৈ এক অইন উৎসাহে বাস কৰিছে দৰ্শকৰ হৃদয়ত। “ভূল ভূলেইয়া” ৰ বাহিৰেও কাৰ্তিকক দেখিবলৈ পোৱা যাব “লৱ আজ কল ২”আৰু “পতি পত্নী ঔৰ বো” শীৰ্ষক ছবি দুখনত। ইপিনে কিয়াৰাক দেখিবলৈ পোৱা যাব “লক্ষ্মী বম” আৰু “গুড ন্যুজ” ছবি দুখনত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.