Rupaliparda.com
"অনামিকা" শ্ৰৱ্য কেছেটৰ জনপ্ৰিয়তা অব্যাহতঃ 1

“অনামিকা” শ্ৰৱ্য কেছেটৰ জনপ্ৰিয়তা অব্যাহতঃ

জুবিন গাৰ্গ হৈছে অসমৰ বাবে এনেকুৱা এটা নাম; যাৰ কেৱলমাত্ৰ নামটোৱে দৰ্শকক আমোদ প্ৰদান কৰিব পাৰে। আধুনিক গীত, হিন্দী, গজল, বিহুসুৰীয়া, লোকগীত, বৰগীত আদি সকলো ক্ষেত্ৰতেই এক সূৰ্যৰ দৰেই উজ্বলি আহিছে শিল্পী গৰাকী। আপোনালোকে বাৰু জানেনে; বৰ্তমানলৈ হাজাৰ হাজাৰ গীতত কন্ঠদান কৰা এই শিল্পী গৰাকীয়ে কোনখন শ্ৰব্য কেছেটৰ দ্বাৰা অসমীয়া শিল্পী জগতত প্ৰথম খোজ দিছিলে?? সেইখন আছিল ১৯৯২ চনত মুক্তি প্ৰাপ্ত এখন শ্ৰৱ্য কেছেট; “অনামিকা”।

"অনামিকা" শ্ৰৱ্য কেছেটৰ জনপ্ৰিয়তা অব্যাহতঃ 2


মুঠ ৮ টা গীত সমৃদ্ধ এই কেছেটটোৰ পৰিচালনাৰ দায়িত্বত আছিল জুবিন গাৰ্গ আৰু উৎপল শৰ্মা। এন কে প্ৰডাকছনৰ বেনাৰত মুক্তি লাভ কৰা “অনামিকা” ত অন্তূৰ্কক্ত গীত কেইটাৰ কথা আছিল জুবিন, হীৰেণ ভট্টাচাৰ্য, ৰেণু শৰ্মা আৰু ববিতা শৰ্মাৰ।

"অনামিকা" শ্ৰৱ্য কেছেটৰ জনপ্ৰিয়তা অব্যাহতঃ 3


“অনামিকা” ই সেইটো সময়ত বাণিজ্যিক ভাৱে সফলতা লাভ কৰাৰ লগতে জুবিন গাৰ্গে দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল। সংগীতৰ একঘেয়ামিতাৰ পৰা আঁতৰাই জুবিনে দৰ্শকক দিছিল গীতৰ এক নতুন সোৱাঁদ।

"অনামিকা" শ্ৰৱ্য কেছেটৰ জনপ্ৰিয়তা অব্যাহতঃ 4


কেছেটটোত অন্তৰ্ভূক্ত গীত কেইটি বৰ্তমানেও দৰ্শকৰ হৃদয়ত এক অন্য স্থান দখল কৰি আহিছে। বিহু মঞ্চ অথবা অন্য অনুষ্ঠানত দৰ্শকে জুবিনক এই গীতকেইটি গোৱাৰ অনুৰোধ কৰে। সেইকেইটা হ’লঃ


১. অনামিকা
২.পথে পথে
৩. হিয়া দহে
৪. প্ৰীতিৰ সুবাসে
৫. মনৰ নিজানত
৬.কিয় জানো আজি
৭. গানে কি আনে
৮. শুনা শুনা

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.