Rupaliparda.com
আচুৰ্য্য আৰু পল্লৱীৰ ৰোমান্টিক গীত "জীৱন হোৱা না" ৰ শুভমুক্তিঃ 1

আচুৰ্য্য আৰু পল্লৱীৰ ৰোমান্টিক গীত “জীৱন হোৱা না” ৰ শুভমুক্তিঃ

নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ উঠা এটা নাম হ’ল আচুৰ্য্য বৰপাত্ৰ। ক’বলৈ গ’লে তেওঁৰ কন্ঠৰ প্ৰত্যেকটা গীতেই হৈছে চুপাৰ- ডুপাৰ হিট। মুক্তি পোৱাৰ ক্ষন্তেক পিছতে দৰ্শকৰ হিট লিষ্তট অন্তৰ্ভূক্ত হৈ পৰে গীত কেইটি। তেওঁৰ কন্ঠৰ “তৰালি”, “মলয়া বাইদেউ”, “তোমাৰ হাঁহিতে মৰম” কে ধৰি নানানটা গীতত ভিউৱাৰছৰ সংখ্যাও সৰ্বাধিক।

আচুৰ্য্য আৰু পল্লৱীৰ ৰোমান্টিক গীত "জীৱন হোৱা না" ৰ শুভমুক্তিঃ 2


আকৌ, এবাৰ আচুৰ্য্য বৰপাত্ৰই লৈ আহিছে তেওঁৰ কন্ঠত এটা ৰোমান্টিক গীত; “জীৱন হোৱা না”। তেওঁৰ লগত যুঁটীয়াভাৱে কন্ঠদান কৰাৰ লগতে গীতটি লিখিছে গায়িকা পল্লৱী প্ৰয়াসীয়ে। “জীৱন হোৱা না” ত সংগীত প্ৰশান্ত শইকীয়াৰ।


এই অডিঅ’ গীতটি মুক্তি পোৱাৰ ২৪ ঘন্টা পূৰ্ণ নৌহওঁতে ইউটিউবত ইয়াৰ ভিউৱাৰছৰ সংখ্যা হৈছে ৫৩ হাজাৰতকৈও অধিক।

Add comment

Leave a Reply