ৰং চেনেলত প্ৰচাৰিত “বিধাতা” ধাৰাবাহিকখনৰ “আৰোহণ” চৰিত্ৰটোৰ কথা হয়টো নিশ্চয় আপোনাৰ মনত আছে। উক্ত চৰিত্ৰটো সুচাৰুৰূপে ৰূপায়ন কৰা অভিনেতা গৰাকী হৈছে শশাংক সমীৰ; অভিনয়ৰ সমান্তৰালকৈ সমীৰ হৈছে এগৰাকী লিখক,চিত্ৰকাৰ,গীতিকাৰ লগতে তেওঁ পূূৰ্বতে আছিল এগৰাকী ৰেডিঅ’ জকী।

জুবিনৰ প্ৰায় গীতৰ আঁৰত আছে শশাংক সমীৰ। হাৰ্টথ্ৰৱ গৰাকীৰ সৈতে কিছুদিন পূৰ্বে মুক্তি লাভ কৰা “কাঞ্চনজংঘা” ত অভিনীত এই গৰাকী শিল্পীৰ কলমৰ পিয়লাৰে নিগৰিছে আকৌ এবাৰ আন এটি গীতৰ শব্দ।

১৩ অক্টোবৰ তাৰিখে মুক্তি প্ৰাপ্ত “ধূলিছিলা” গীতটি লিখিছে শশাংক সমীৰে। গীতটিত কন্ঠদান কৰিছে পাঞ্চুনা ৰাভাই লগতে ইয়াত সংগীত দিছে পৰাণ বৰকটকীয়ে। তলত গীতটিৰ লিংক দিয়া হৈছেঃ
Add comment