Rupaliparda.com
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তথ্যচিত্ৰ পৰিচালক "আভা হাজৰিকা"- 1

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তথ্যচিত্ৰ পৰিচালক “আভা হাজৰিকা”-

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অভিনেত্ৰী আভা হাজৰিকা;যিগৰাকীয়ে পুনে ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা অভিনয়ত ডিপ্লোমা লাভ কৰিছিল। ধুবুৰী জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে নিজ পিতৃৰ পৰাই সাংস্কৃতিক দিশত আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল।


তেওঁ ভিক্টোৰিয়া কলেজত শিক্ষা গ্ৰহণ কৰি থকা সময়ছোৱাতে “মেঘে ঢাকা তাৰা” শীৰ্ষক এখন বাংলা নাটকত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰিছিল। আভা হাজৰিকাই অভিনয় কৰা প্ৰথমখন অসমীয়া ছবি হৈছে তেওঁৰ স্বামী ইন্দুকল্প হাজৰিকাৰ দ্বাৰা পৰিচালিত “মানৱ আৰু দানৱ (১৯৭১)। ইয়াৰ পিছত আকৌ এবাৰ স্বামীৰ দ্বাৰাই পৰিচালিত “নিয়তি” ত তেওঁ অভিনয় কৰে।


আভাই ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত “অগ্নিস্নান” ত কাম কৰাৰ লগতে মঞ্জু বৰাৰ সৈতে “বৈভৱ” তো অভিনয় কৰে। ১৯৭৯ চনত আভাই নিজেই ৩৫ মিলিমিটাৰ দৈৰ্ঘ্যৰ নাগৰিক জ্ঞানৰ ওপৰত কেন্দ্ৰ কৰি তথ্যচিত্ৰ “ভুল” নিৰ্মাণ কৰে। উল্লেখ্য যে, আভা হাজৰিকা আছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী তথ্যচিত্ৰ পৰিচালক।


অসমীয়া ছবি “মধুছন্দা” আৰু কাৰ্বি ভাষাত নিৰ্মিত ছবি “ৰিম আমটং” ত সহকাৰী পৰিচালকৰ দায়িত্ব থকা আভা হাজৰিকাই গুৱাহাট দূৰদৰ্শনৰ “উৎকণ্ঠা মহানগৰ” শীৰ্ষক এখন ধাৰাবাহিকো পৰিচালনা কৰে।


২০০৮ চনত ৱাইজমেন ক্লাবে আভা হাজৰিকালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform