জ্যোতি বৰদলৈৰ পৰিচালনাৰে চলিত বৰ্ষৰ ১ মাৰ্চ তাৰিখে মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে “ককাইদেউ বিন্দাছ”। সম্পূৰ্ণ ড্ৰামা ও কমেডী সমৃদ্ধ এই ছবিখন নিৰ্মাণ কৰা হৈছিল ড্ৰীম প্ৰডাকচনৰ বেনাৰত।

ড° অঞ্জন গোস্বামী, নাছিৰ হুছেইন,ৰমেশ পাণ্ডে চেট্ৰী আৰু ৰাহুল মোদীৰ প্ৰযোজনাৰে উক্ত ছবিখন দুজন ভাই-ককাইৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। দুজন ভাই-ককাইৰ চিন্তা-ধাৰা, তেওঁলোকৰ জীৱন দৰ্শন লগতে তেওঁলোক এজন আনজনৰ সৈতে কিমান অমিল সেইবোৰক কেন্দ্ৰ কৰিয়ে ঘূৰি আছে “ককাইদেউ বিন্দাছ” ৰ কাহিনীভাগ।

ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ,নিকুমণি বৰুৱা,আলিস্মিতা গোস্বামী, জুনু নাথ, মিন্টু বৰুৱা, জয়ন্ত দাস, মনুজ চক্ৰৱৰ্তী, পৰী মহন্ত, ডলি ঠাকুৰীয়া, ধৰ্মৰাম ডেকা আৰু গোপামণি গগৈয়ে।

“ককাইদেউ বিন্দাছ” ৰ গীতসমূহত কন্ঠ নিগৰাইছে জুবিন গাৰ্গ, নাহিদ আফ্ৰিন, নীল আকাশ, ৰূপম ভূঞা, বৰ্ণালী কলিতা, সুবাসনা দত্ত আৰু ৰাকেশ ৰিয়ানে।
Add comment