Rupaliparda.com
ৰণৱীৰ কাপুৰ আৰু ৰণৱীৰ সিঙৰ মাজত কি আছে পাৰ্থক্য?? খুলি ক'লে দীপিকাইঃ 1

ৰণৱীৰ কাপুৰ আৰু ৰণৱীৰ সিঙৰ মাজত কি আছে পাৰ্থক্য?? খুলি ক’লে দীপিকাইঃ

২০০৭ চনত “ঔঁম শান্তি ঔঁম” ৰ দ্বাৰা বলীউডত ডেবিউ কৰা দীপিকা পাডুকন বৰ্তমান বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ছবি সমূহৰ বিচাৰ আৰু তাত কৰা অভিনয়ৰ সৈতে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম এই অভিনেত্ৰী গৰাকী।

ৰণৱীৰ কাপুৰ আৰু ৰণৱীৰ সিঙৰ মাজত কি আছে পাৰ্থক্য?? খুলি ক'লে দীপিকাইঃ 2


লগতে, তেওঁৰ ৰণৱীৰ কাপুৰৰ সৈতে থকা সম্পৰ্ক তথা ৰণৱীৰ সিঙৰ সৈতে হোৱা বিবাহৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছিল। দুই গৰাকী অভিনেতাৰ সৈতে দীপিকাই বলীউডত হিট ছবি দিয়া দেখিবলৈ পোৱা গৈছে। এটা অনুষ্ঠানত দীপিকাই দুই ৰণৱীৰৰ বিষয়ে খুলি উত্তৰ দিয়ে।

ৰণৱীৰ কাপুৰ আৰু ৰণৱীৰ সিঙৰ মাজত কি আছে পাৰ্থক্য?? খুলি ক'লে দীপিকাইঃ 3


দীপিকাই কয় যে, “ৰণৱীৰ কাপুৰৰ অভিনয় স্বতঃস্ফূৰ্ত। তেওঁক অভিনয়ৰ বাবে আখৰা কৰাৰ বৰ বেছি প্ৰয়োজন নাই। তেওঁৰ অভিনয়ত ৫০ শতাংশ ৰিহেৰ্সল থাকে আৰু ৫০ শতাংশ তেওঁ নিজেই তৈয়াৰ কৰি লোৱা।”

ৰণৱীৰ কাপুৰ আৰু ৰণৱীৰ সিঙৰ মাজত কি আছে পাৰ্থক্য?? খুলি ক'লে দীপিকাইঃ 4

ইয়াৰ পিছতেই দীপিকাই নিজ স্বামী তথা ৰণৱীৰ সিঙক উদ্দেশ্যি কয় যে, ৰণৱীৰ সদায় এটা চৰিত্ৰত সুমুৱাই যাবলৈ চেষ্টা কৰে। লগতে, ৰণৱীৰে সেই চৰিত্ৰটো অনুযায়ী কাপোৰ, পাৰফিউম, জোতা আদিও পিন্ধাৰ ব্যৱস্থা কৰি লয় বুলি জনায় দীপিকাই। প্ৰত্যেক ৬ মাহৰ অন্তৰে অন্তৰে ৰণৱীৰ একোজন নতুন মানুহ হিচাপে জন্ম লয় আৰু সেইবাবে অভিনেত্ৰী দীপিকা ৰণৱীৰ সিঙৰ পৰা কোনো কাৰণতে “ব’ৰ” নহয় বুলি মন্তব্য কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.