অসমীয়া ছবিয়ে পুনৰ বাৰ পোখা মেলিলে। “মিছন ছাইনা”, “কাঞ্চনজংঘা” কো পিছ পেলাই সৰ্বত্ৰে এতিয়া জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে “ৰত্নাকৰ”। অসমৰ ৫৯ টা ছবিগৃহৰ লগতে বাহিৰৰো বহু চিত্ৰগৃহত চলি আছে “ৰত্নাকৰ”। আগন্তুক কেইবাটাও দিনৰ বাবে ছবিখনৰ টিকেট বুক কৰি থৈছে অসমীয়া চলচিত্ৰ প্ৰেমীয়ে।

মুক্তি পোৱা দিনটোতকৈ শনি আৰু ৰবিবাৰে চিত্ৰগৃহত দৰ্শকৰ লানি-নিছিগা সোঁত দেখিবলৈ পোৱা গৈছিল। যাৰ পৰিপ্ৰেক্ষিতত, মুক্তি লাভ কৰা দিনটোতকৈ উক্ত দিন দুটিত ছবিখনে লাভ কৰিছিল ভাল বস্ক অফিচ কালেকচন।

“ৰত্নাকৰ”-এ শুক্ৰবাৰে লাভ কৰিছিল ৪১ লাখ; তাৰ পিছৰটো দিন অৰ্থাৎ শনিবাৰে ই বৃদ্ধি হৈ লাভ কৰে ৪৯.৫ লাখ আৰু ৰবিবাৰৰ দিনটোত ই লাভ কৰিবলৈ সক্ষম হয় ৫৫ লাখ টকা। গতিকে, এই তিনিওটা দিনত “ৰত্নাকৰ”-এ সৰ্বমুঠ লাভ কৰে ১.৪৬ কোটি টকা।

ইয়াৰ দ্বাৰাই গম পোৱা যায় যে, অসমীয়া ছবি জগতত এক নতুন সুৰুয উদয় হৈছে; যাৰ পোহৰে এতিয়া পোহৰাই পেলাই এই ক্ষেত্ৰখন।
Add comment